জীৱনৰ আকৃতি
সংযুক্তা দত্ত
জীৱনটো অতি সুন্দৰ , কিন্তু ইয়াৰ কোনো আকৃতি নাই । জীৱনটোক আকৃতি দিয়াটোৱে হ’ল কলাৰ সাধনা
–জাঁ আনুই
উক্ত কথাষাৰৰ মমাৰ্থ অতি গভীৰ । পৰমাত্মাৰ কৃপাত মানৱ জীৱন লাভ কৰাটো আমাৰ পৰম সৌভাগ্য । পৃথিৱীত অলেখ জীৱ আছে । সেই জীৱ সমূহৰ ভিতৰত মানুহেই একমাত্ৰ জীৱ যি কথা ক’ব পাৰে । মানুহৰ নিজৰ বিবেক বুদ্ধি আছে ভাৱ অনুভূতি আছে । এই সমূহ আন জীৱসমূহৰ নাই । এই ক্ষেত্ৰত মানৱজাতি অতি সৌভাগ্যৱান। মানুহৰ জীৱনটো অতি সুন্দৰ আৰু এই সুন্দৰজীৱনটো মানুহে নিজেই গঢ় দিব জানিব লাগিব । আমি যেনেদৰে ঘৰ এটা সুন্দৰকৈ সজাওঁ আনৰ চকুত লগাকৈ ঠিক তেনেদৰে কিন্তু আমি আমাৰ জীৱনটোকো গঢ় দিব পাৰিব লাগিব আনৰ আৰ্দশ হিচাপে ৰৈ যোৱাকৈ । মানুহ হিচাপে আমাৰ এটা বেয়া অভ্যাস হ’ল- আনৰ জীৱনটোক নিৰিক্ষণ কৰা । আনৰ জীৱন নিৰিক্ষণ কৰোঁতে কৰোঁতে নিজৰো যে এটা সুন্দৰ জীৱন আছে আমি সেই কথা পাহৰিয়ে যাওঁ । জীৱনটো অতি সুন্দৰ তথা মূল্যৱান। কিন্তু ইয়াক নিজৰ নিজৰ জীৱনৰ ক্ষেত্ৰত সুন্দৰ কৰাটো আমাৰ দায়িত্ব। জীৱনৰ কোনো আকৃতি নাথাকে। জন্মৰ পৰা মৃত্যুৰ সময়ৰ এই মাজৰ কালছোৱাই আমাৰ জীৱনৰ আকৃতি হৈ পৰিব । আমি জীৱনটোক নিজৰ মতে আকৃতি দিব পাৰোঁ। জীৱনে আকৃতি লওঁতে বহু সময় লয়। সকলো মানুহৰে জীৱনৰ আকৃতি ভিন ভিন আমি যেনেদৰে জীৱনটো গঢ় দিম ঠিক তেনেদৰেই এদিন আমাৰ জীৱনটোৱে আকৃতি ল’ব। মানুহৰ জীৱনটো এটা বৃত্তৰ দৰেই বৃত্ত এটাই কেতিয়াও নিজৰ আকৃতি সলনি কৰি ত্ৰিভুজৰ আকৃতি ল’ব নোৱাৰে । ঠিক তেনেদৰে মানুহেও নিজ নিজ জীৱনৰ আকৃতি সলনি কৰি আন এজনৰ আকৃতি ল’ব নোৱাৰে। গতিকে নিজৰ নিজৰ চিন্তাধাৰাৰ আৰু অৰ্ধব্যৱসায়ৰ ফলত জীৱনটোক আকৃতি দিব পৰাটোৱে হৈ পৰিব আমাৰ বাবে কলাৰ সাধনা।