জীৱন্ত মৃতদেহ
নাচিমা য়াচমিম,বিশ্বনাথ চাৰিআলি
দিনৰ ব্যস্ততাৰ অৱসানত
ভাগৰুৱা দেহটোৱে,
বিশ্ৰামৰ আশাত
বিছনাত গা এৰি দিয়ে।
কিন্তু গভীৰ অন্ধকাৰ ৰজনীয়ে
সোঁৱৰাই দিয়ে,
খুলি দিয়ে বিষাদৰ টোপোলা।
হৃদয়ৰ কেঁচা ঘাঁখিনি
সতেজ কৰি তোলে।
দুচকুৱে এটি টোপনিৰ বাবে
হাহাকাৰ কৰে,
কিন্তু নিষ্ঠুৰ নিয়তিয়ে যে
সেই শান্তিকণ কেতিয়াবা ই
কাঢ়ি নিলে।
যিমানেই ৰাতি গভীৰ হয়,
কষ্ট , কান্দোনৰ পৰিমাণ
সিমানেই বেছি হয়।
পৰি ৰয় মাথোঁ বিছনাৰ বুকুত
এক জীৱন্ত মৃতদেহ।
য’ত আছে কেৱল প্ৰাণ,
নাই কোনো উল্লাস, হাবিয়াস।