জীৱনত যি বিচাৰে তাকে পাবলৈ সক্ষম হ’ব
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমাৰ এই সৌৰজগতখন এটি তংৰগ জৰিয়তে নিয়ন্ত্ৰণ হয়। যিহেতু আমাৰ পৃথিৱীখনো এখন সৌৰজগতৰ মাজতে আবদ্ধ গতিকে এইখন পৃথিৱীৰ চৌদিশে কেৱল তৰংগবোৰে সঞ্চালিত হৈ থাকে।ইয়াকে আমি একেবাৰে সামান্যতম ভাষাৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰো আহক। আমি বসবাস কৰা পৃথিৱীখন প্ৰাণ থকা প্ৰাণীৰ সংখ্যা অসংখ্য নহয়নে? তাৰে মাজতে আমাৰ এইখন পৃথিৱীত ৰাষ্ট্ৰ ভেদে নানান মানুহৰ পৰা আদি কৰি সকলোবোৰ প্ৰাণ থকা প্ৰাণীৰে আচাৰ, ব্যৱহাৰ, ভাষা, ভাব- ভংগিমা,জীৱন প্ৰণালীৰ মাজত বহু অন্তৰ আহি পৰা পৰিলক্ষিত হয়। এতিয়া কথা হ’ল আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ইমান সুন্দৰ ৰূপত ভাৰাসাম্য ৰক্ষাৰ বাবে কিবা নহয় কিবা এক ডাঙৰ বা অদ্ভূত শক্তিৰ জৰিয়তে সকলোবোৰে পৰিচালিত হৈ আছোঁ নহয়নে ? কিন্তু কেতিয়াবা ভাবি চাইছেনে আমাৰ ঠাই ভেদে বা ৰাষ্ট্ৰ ভেদে এজনে আনজনৰ লগত মিল নথকাৰ উপৰিও আমাৰ সকলোৰে জীৱনশৈলী বেলেগ বেলেগ হোৱা স্বত্বেও আমি বিভিন্ন ধৰণৰ শব্দ,ভষা আদি জৰিয়তে নেদেখা জনাক বা এক অদৃশ্যমান শক্তি ওপৰত নিজ নিজ বিচাৰ, বুদ্ধি, মনোভাৱ বা মনোবলৰ ভাব বিনিময় বা মনোভাৱৰ আদান প্ৰদান কেনেকৈ কৰাটো সম্ভৱপৰ হয় ? অৰ্থাৎ সঁচা অৰ্থত কবলৈ গ’লে আমাৰ মানুহৰ দ্বাৰা সৃষ্টি হোৱা শব্দ বা ভাষা,ভাব, ভংগিমাৰ লগত নেদেখা জনাৰ ওপৰত একোৱেই সম্পৰ্ক জড়িত হৈ নাথাকে বা একোৱেই প্ৰভাৱ নপৰে। কেৱল মাত্ৰ আমাৰ শৰীৰৰ পৰা নিস্ক্ৰিয় হোৱা বা শৰীৰৰ জৰিয়তে উৎপন্ন হোৱা ইতিবাচক বা নেতিবাচক তংৰগবোৰৰ জৰিয়তেহে এই বিশ্বব্ৰহ্মাণ্ডৰ ৰূপ, ৰেশা লগতে সমস্ত প্ৰাণী জগতৰ জীৱন প্ৰক্ৰিয়া সঞ্চালিত হৈ থাকে।উপৰোক্ত আলোচনা জৰিয়তে মই আপোনালোকৰ চিন্তা,ভাবনাৰ ওপৰত বিভেদ সৃষ্টি কৰাটো মোৰ লক্ষ্য নহয়। বৰং উপৰোক্ত আলোচনাৰ মাধ্যমেৰে মই এই কাথাকে উল্লেখ কৰিব বিচাৰিছোঁ যে, মানুহে জীৱনত যি বিচাৰে তাকে পাবলৈ সক্ষম হ’ব। অৰ্থাৎ মই আগতে উল্লেখ কৰি আহিছোঁ যে, আমি যদি আমাৰ শৰীৰৰ জৰিয়তে ইতিবাচক তৰংগৰ উৎপন্ন কৰি কেৱল সদায় ইতিবাচক চিন্তাৰ মাজেৰে জীৱন যাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰোঁ তেন্তে আমাৰ জীৱনত হাজাৰ, হাজাৰ বাধা, বিঘিনিৰ সন্মুখীন হোৱা স্বত্বেও আমি এসময়ত গৈ নিজে বিচৰা ধৰণে সফলতা অৰ্জন কৰিবলৈ সক্ষম হওঁ। আনহাতে আমৰ শৰীৰৰ জৰিয়তে যদি আমি নেতিবাচক তংৰগবোৰৰ উৎপন্ন কৰি কেৱল সদায় নেতিবাচক চিন্তাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰো তেন্তে আমাৰ হাতত সফলতা পোৱাৰ অনেক মাৰ্গ থকা সত্বেও আমি কিন্তু এসময়ত গৈ বিফলতাৰ সন্মুখীন হ’বলগীয়া হয়। নিজে কেতিয়াবা একান্ততে বহি ভাবি চাবচোন আমাৰ জীৱনত বাহ্যিক ৰূপত আগ্ৰহ প্ৰকাশ নকৰিলে আমাৰ আন্তৰিক ৰূপত যিবোৰ দিশক লৈ আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ ঠিক একেবাৰে হুবহু সেই অন্তৰাত্মা বিচৰা ধৰণে নানান ঘটনা, পৰিঘটনা আমাৰ জীৱনত সংঘটিত হৈ গৈছে আৰু হৈ গৈয়ে থাকিব। কেৱল মাত্ৰ আমি বাহ্যিক দৃষ্টিকোণেৰে জৰিয়তে নিজে নিজৰ মাজত ভ্ৰান্তিৰ সৃষ্টি কৰি আহিছোঁ। গতিকে এতিয়া আপুনি কি বিচাৰি আছে বা কেনেকুৱা ধৰণৰ তৰংগ উৎপন্ন কৰি নিজ ভবিষ্যত গঢ়াৰ প্ৰস্তুতি চলাই আছে ঠিক সেইমতে আপোনাৰ অনাগত ভবিষ্যতৰ ৰূপ ৰেশা তৈয়াৰ হ’বলৈ ধৰে। অৰ্থাৎ এক কথাত কবলৈ গ’লে,জীৱনত যি বিচাৰে তাকে পাবলৈ সক্ষম হ’ব।