জীয়াই থাকিবনে অসমীয়া জাতিৰ স্বাভিমান বিহুৰ পৰম্পৰা ?
দেবর্ষি গৌতম, বনগাঁও
বিহু অসম আৰু অসমীয়া লোকৰ স্বাভিমান। বিহু অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ বাপতি সাহোন জাতীয় উৎসৱ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমত বসবাস কৰা প্ৰতিগৰাকী লোকেই বিহুক জাতীয় উৎসৱ হিচাপে গণ্য কৰি আহিছে। বিহু অসম আৰু অসমীয়া জাতিৰ বাবে এক সাংস্কৃতিক পৰিচয়। অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব পৰম্পৰাগত উৎসৱ পাৰ্বন আছে। কিন্তু সকলো জাতি জনগোষ্ঠী তথা ধৰ্ম-বৰ্ণক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতিৰ গঠন হৈছে। প্ৰায় প্ৰতিটো জনগোষ্ঠীয় উৎসৱৰে কৃষিৰ লগত প্ৰত্যক্ষভাৱে অথবা পৰোক্ষভাৱে সমন্ধ থাকে। ঠিক একেদৰে অসমীয়া জাতিৰ জাতীয় উৎসৱ বিহুও এক কৃষিৰ লগত সম্পৰ্ক থকা কৃষিভিত্তিক উৎসৱ। অসমীয়া জাতি অতি পৰিশ্ৰমী আৰু সাহসী জাতি বুলি ইতিসাহে প্ৰমাণ দিয়ে। অসমীয়া জাতিৰ ইতিহাস প্ৰসিদ্ধ সেই ঘটনা পৰিঘটনা সমূহক বৰ্তমানৰ অসমীয়া জাতিয়ে প্ৰকৃত অৰ্থত প্ৰতিনিধিত্ব কৰিব পাৰিবনে সেয়া কিন্তু আজিৰ দিন এক ডাঙৰ প্ৰশ্ন। আমাৰ স্বাভিমান, অসমীয়া জাতিৰ স্বাভিমান জাতীয় উৎসৱ বিহুটোক প্ৰকৃত অৰ্থত জীয়াই ৰখাৰ বাবে আচলতে আমি কিমান দায়বদ্ধ ? কৃত্ৰিমতা আৰু আধুনিকতাৰ ধামখুমীয়াত আমি সচাকৈ আমাৰ যি জাতীয় চেতনাবোধ সেয়া পাহৰি পেলাইছোঁ নেকি ? এনেবোৰ প্ৰশ্ন উত্থাপন হোৱাৰ মূলতে হৈছে বিহু বুলি কলে অতীতত মানুহৰ মনত যি এক আলোড়ন সৃষ্টি হৈছিল সেই আলোড়ন আজিৰ দিনত সিংহভাগ মানুহৰ মনতে সৃষ্টি নহয়। বিহু বুলি কলে অতীতত বিশেষকৈ গাওঁত দহ-পোন্ধৰ দিন পূৰ্বৰ পৰা যি আয়োজন চলিছিল সেয়া যেন আজি ইতিহাস হোৱাৰ উপক্ৰম হৈছে। গাঁৱৰ সংঘ অথবা অন্য স্থানত বিহুৰ যি আখৰা চলিছিল সেয়াও আজিকালি দেখিবলৈ পোৱা নাযায়। বিশেষকৈ গ্ৰাম্যাঞ্চলত গাঁওৰ পাহোৱাল ডেকা গাভৰুৱে মিলি গাঁৱৰ প্ৰতিঘৰ মানুহৰ চোতালত যি হুঁচৰি গোৱাৰ প্ৰথা সেয়াও যেন লাহে লাহে সীমিত হৈ আহিছে। নিৰ্দিষ্ট কিছু গ্ৰাম্যাঞ্চলক বাদ দিলে এই প্ৰথা ৰাজ্যৰ অৱশিষ্ট গ্ৰাম্যাঞ্চলত দেখিবলৈ পোৱা নাযায়। আনৰ পিঠাৰে বিহু পতা বুলি আমাৰ সমাজত যি এক প্ৰচলিত প্ৰবাদ আছে সেই প্ৰবাদ আজি যেন সচাকৈ কাৰ্যত দেখিবলৈ পোৱা গৈছে। বিহুৰ লগত জড়িত যি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সেয়া যেন আজিকালি কোনেও প্ৰস্তুত কৰিবলৈ আগ্ৰহী নহয়। বজাৰত উপলব্ধ খাদ্য সম্ভাৰ ক্ৰয় কৰি ঘৰলৈ আনি বিহু উদযাপন কৰাৰ যি এক পৰম্পৰা গঢ়ি উঠিছে সেয়া অসমীয়া জাতিৰ বাবে কোনো কাৰণতে শুভ লক্ষণ নহয়। আমি অসমীয়া জাতিৰ পৰম্পৰাগত সাজ-পাৰ পিন্ধিবলৈ নজনা, পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰিবলৈ নজনা নাইবা জানিও প্ৰস্তুত কৰিবলৈ অনীহা প্ৰকাশ কৰাটোৱেই জাতিটোৰ প্ৰতি আমাৰ দায়বদ্ধতা কিমান সেয়া স্পষ্ট ৰূপত উপস্থাপন হৈছে। কেতিয়াও অসমীয়া জাতিৰ কৃষ্টি-সাংস্কৃতিক বিলুপ্ত হবলৈ নিদিওঁ বুলি ডিঙি ফুলাই চিঞৰি থাকিলেও হাতে কামে যেতিয়ালৈকে নাধৰো তেতিয়ালৈকে সেইবোৰ জীয়াই ৰখাটো সম্ভৱপৰ নহব। সততে উত্থাপিত হৈ অহা যি অভিযোগ সেয়া হৈছে বহিৰাগতই অসমলৈ আহি অসমীয়া জাতিৰ কৃষ্টি-সাংস্কৃতি আৰু পৰম্পৰাক নিঃশেষ কৰাৰ বাবে সদায়ে চেষ্টা অব্যাহত ৰাখিছে। উত্থাপিত অভিযোগক সঁচা বুলি মানি লৈ আমি কেৱল তাৰ বিৰুদ্ধে শ্লোগান দিয়াৰ পৰিবৰ্তে যদি জাতিৰ কৃষ্টি-সাংস্কৃতি আৰু পৰম্পৰাক যুগ-যুগান্তৰলৈ জীয়াই ৰখাৰ স্বাৰ্থত এক জনজাগৰণ সৃষ্টি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাওঁ তেনেহলে তেনে শক্তিয়ে অসমীয়া জাতিৰ সন্মুখত মূৰ ডাঙি থিয় দিয়াৰ আগতে মষিমূৰ হৈ যাব। কেৱল ৰাজপথত কৰা আন্দোলনে কেতিয়াও জাতিটোৰ পৰম্পৰা, কৃষ্টি-সাংস্কৃতিক স্থায়ীভাৱে জীয়াই ৰাখিব নোৱাৰে। জাতিটোক যদি আমি সচাকৈ ভাল পাওঁ তেনেহলে আন্দোলনৰ সমান্তৰালকৈ আমি নিজেই বদ্ধপৰিকৰ হব লাগিব যে ব্যস্তত্বপূৰ্ণ সূচীৰ পৰা কিঞ্চিত সময় হলেও নিজৰ জাতীয় স্বাভিমানৰ বাবে খৰছ কৰিবলৈ চেষ্টা কৰিম। এগৰাকী স্বাভিমানী অসমীয়া হিচাপে জাতিটোৰ প্ৰতি থাকিবলগীয়া পৰ্যাপ্ত জাতীয় চেতনাবোধৰ সেয়া সদায়, প্ৰতি মুহূৰ্ততে অটুট ৰাখিম বুলি দৃঢ় প্ৰতিজ্ঞ হব লাগিব। আমি যদি নিজেই জাতিটোৰ পৰম্পৰা, কৃষ্টি-সাংস্কৃতিক জীয়াই ৰাখিব নোৱাৰোঁ তেনেহলে কোনো বহিৰাগতই আমাৰ জাতিটোক ধ্বংস কৰা বুলি অভিযোগ কৰি থাকিলেও তাৰ বাবে কিন্তু আমি নিজেই সম্পূৰ্ণ দোষী। আচলতে অমি নিজে সংৰক্ষণ দিয়াত ব্যৰ্থ হলেহে আনে আহি আমাৰ ওপৰত জঁপিয়াই পৰিব। আমাৰ ব্যৰ্থতা খিনি ঢাকি ৰখাৰ পৰিবৰ্তে সেই ব্যৰ্থতা খিনি শুধৰণি কৰি আমাৰ কৰণীয় খিনি নিয়াৰিকৈ কৰি যোৱাৰ সময় সমাগত। যিহেতু সময় বৰ নিষ্ঠুৰ গতিকে সময় পাৰ হৈ যোৱাৰ পিছত কিন্তু যিমান কপালত ধকীয়াই থাকিলেও সেই সময় উভতি নাহিব। নিজৰ কৰ্ম সম্পাদন কৰি ফলৰ আশা কৰি বহি থাকিলে কেতিয়াও আমি সফলতাৰ মুখ দেখিবলৈ নাপাম। সদায় সময়ৰ শৰ সময়ত মাৰিব লাগে।