জাপানে ভাৰতত অহা ৫ বছৰত ৩.২ লাখ কোটি বিনিয়োগ কৰিব: প্ৰধানমন্ত্ৰী মোদী

pc DNA India

জাপানে ভাৰতত অহা ৫ বছৰত ৩.২ লাখ কোটি বিনিয়োগ কৰিব: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা–  দিল্লীত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ সৈতে এক যুটীয়া বিবৃতি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জাপানে অহা পাঁচ বছৰত ভাৰতত ইয়াৰ বিনিয়োগৰ লক্ষ্য ৫ ট্ৰিলিয়ন য়েন বা ৩.২ লাখ কোটিলৈ বৃদ্ধি কৰিব। “জাপান হৈছে ভাৰতৰ অন্যতম বৃহৎ বিনিয়োগকাৰী। ভাৰত-জাপানে মুম্বাই-আহমেদাবাদ উচ্চ গতিৰ ৰে’ল কৰিডৰত ‘এক দল এক প্ৰকল্প’ হিচাপে কাম কৰি আছে,” তেওঁ লগতে কয়।