জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নমুনা সমীক্ষা (এন এছ এছ)

জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নমুনা সমীক্ষা (এন এছ এছ)
দেশৰ শ্ৰম শক্তি, আৰ্থ-সামাজিক পৰিস্থিতি, অৰ্থনীতিৰ ধাৰণা দিব সমীক্ষাই
সমীক্ষাকাৰীক সহযোগিতা কৰিবলৈ ৰাইজলৈ আহ্বান ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ন মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে অহা জানুৱাৰী মাহৰ পৰা ৰাষ্ট্ৰীয় নমুনা সমীক্ষা (এন এছ এছ) আৰম্ভ কৰিব৷ পূৰ্বৰ বৰ্ষৰ তুলনাত দুগুণ নমুনাৰে তিনিটা নিয়মীয়া সমীক্ষা কৰা হ’ব৷ নিয়মীয়া শ্ৰম শক্তি সমীক্ষা, আৰ্থ-সামাজিক সমীক্ষাৰ ৮০ সংখ্যক ৰাউণ্ড আৰু অসংগঠিত খণ্ড প্ৰতিষ্ঠানৰ বাৰ্ষিক সমীক্ষা চমুকৈ ‘আছুছ’ – এই তিনিপ্ৰকাৰৰ সমীক্ষাৰ নমুনা সংগ্ৰহকাৰীৰ বাবে আঞ্চলিক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা বুলি প্ৰেছ বিজ্ঞপ্তিযোগে সদৰি কৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ে৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয় অতিথিশালা(ৰূহিকা)ত আয়োজিত চাৰিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ অতিৰিক্ত মহা নিৰ্দেশক পল্লী কুণ্ডুৱে৷ তেওঁ নমুনা সংগ্ৰহকাৰীসকলক তথ্য সংগ্ৰহত গুণগত মান ৰক্ষা কৰিবলৈ আহ্বান জনায়৷ উপ-মহা নিৰ্দেশক স্বপ্নালী ভট্টাচাৰ্যই চৰকাৰৰ নীতি নিৰ্দ্ধাৰণত এই সমীক্ষাৰ গুৰুত্বৰ বিষয়ে সদৰি কৰে৷ তেওঁ কয় যে নিয়মীয়া শ্ৰম শক্তি সমীক্ষাই দেশৰ শ্ৰম শক্তিৰ সাম্প্ৰতিক বৈশিষ্ট্যৰ এক ধাৰণা দিব৷ বহু ব্যৱহৃত আৰ্থ-সামাজিক সমীক্ষাৰ অধীনত অহা বৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ স্বাস্থ্য সমীক্ষা আৰু জানুৱাৰীৰ পৰা মাৰ্চলৈ টেলিকম সেৱা সম্পৰ্কীয় সমীক্ষা চলোৱা হ’ব৷ অসংগঠিত খণ্ড প্ৰতিষ্ঠানৰ বাৰ্ষিক সমীক্ষা চমুকৈ ‘আছুছ’ৰ জৰিয়তে দেশৰ অৰ্থনীতি খণ্ডৰ ধাৰণা দিবলৈ চেষ্টা কৰা হ’ব৷ তেওঁ তথ্য সংগ্ৰহৰ বাবে যোৱা সমীক্ষাকাৰীসকলক সহায়-সহযোগ কৰিবলৈ আৰু শুদ্ধ তথ্য প্ৰদান কৰিবলৈ গাঁও আৰু নগৰ নিৰ্বিশেষে অসমৰ সকলো অঞ্চলৰ ৰাইজক আহ্বান জনায়৷