জাতীয় উৎসৱ আৰু ইয়াৰ সঠিক মূলায়ণ
প্ৰিয়ম ৰাগিণী
ডিব্ৰুগড়,চিৰিংচাপৰি
জাতীয় উৎসৱ হ’ল জাতি এটাৰ বাবে দলিল স্বৰূপ।যি জাতীৰ জাতীয় উৎসৱ নাই সেই জাতি মৃতপ্ৰায় জাতি।অসমীয়া জাতি এনে এটা জাতি যাৰ তিনিটাকৈ উল্লেখযোগ্য উৎসৱেৰে মহীয়ান।লোকসংস্কৃতি হৈছে জাতিটোৰ পৰিকাঠামু।মানৱ জীৱনৰ হৰ্ষ- বিষাদ,প্ৰাপ্তি-অপ্ৰাপ্তি,আৱেগ- অনুভূতিবোৰ প্ৰকাশ হয় উৎসৱৰ জড়িয়তে।উৎসৱ হ’ল মানৱ মনৰ অসূয়া- অপ্ৰীতি নাশ কৰি সম্প্ৰীতিৰ এনাজৰী এডাল সুদৃঢ় কৰাৰ অন্য এটি কাৰক ।সংস্কৃতি হৈছে বোৱতী নৈ।অতীজৰে পৰা জাতীয় উৎসৱ হিচাপে বিহুৱে অসমীয়া সমাজক প্ৰতিনিধিত্ব কৰি আহিছে।শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত বিহু সংস্কৃতিয়ে গ্ৰীনিজ ৱৰ্লড বুক ৰেকৰ্ডেৰে বিশ্ব দৰবাৰত নাম জিলিকাই ৰাখিবলৈ যি উদ্যোগ হাতত লৈছে ই জাতিটোৰ বাবে এক ইতিবাচক দিশ। সাম্প্ৰতিক সময়ত নতুন প্ৰজন্মক বিহু উৎসৱৰ প্ৰতি আগ্ৰহান্বিত কৰাটোত গুৰুত্ব দিয়াৰ সময় সমাগত।বৰ্হমথুৰি ,দীঘলতি মাখিলতি,তৰাপাত,লাহনী,জাপি চিনি নোপোৱা নতুন প্ৰজন্মই এটা সময়ত নহ’লে বিহু উৎসৱৰ পৰিভাষাক হেৰুৱাই পেলাব।বিহু প্ৰতিযোগিতা এখনত বিচাৰকে,বিহু বিশেষজ্ঞই বিহুসম্ৰাজ্ঞী,বিহু কুঁৱৰী হ’ব খোজা প্ৰতিযোগীক যেতিয়া নেঘেৰী খোপা,কলডিলীয়া খোপা ,তুলুঠা,গৰকা,নাচনি জৰী কি বুলি প্ৰশ্ন সোধে উত্তৰ দিব নোৱাৰি প্ৰতিযোগী গৰাকী বিবুদ্ধিত পৰে তেতিয়াই জাতীয় সংস্কৃতিৰ মেৰুদন্ডদাল যে শিথিল তাক পুৰামাত্ৰায় অনুধাৱন কৰিব পাৰি।কেৱল প্ৰতিযোগিতা এখনৰ বাবেই নহয় আমি অভিভাৱক তথা অভিজ্ঞ, অগ্ৰজসকলে হাড়ে হিমজুৱে অসমীয়া বুলি নিজকে চিনাকি দিবলৈ হ’লে সংস্কৃতিৰ ধ্বজাবাহক বিহু উৎসৱৰ লগত জড়িত সকলো আনুসংগিক তথা প্ৰাসংগিক বস্তুকেই চিনিব লাগিব আৰু অনুজসকলকো পৰিচয় কৰাই দিয়াত অগ্ৰণী ভুমিকা গ্ৰহণ কৰিব লাগিব।
প্ৰকৃতিৰ লগত উৎসৱৰ সম্বন্ধ আছে।অসমীয়া জনজীৱনৰ তিনিটা বিশেষ সময়ত উদযাপিত বিহু উৎসৱৰ সময় ভিন্ন আৰু তিনিওটি বিহু উৎসৱেই কৃষিৰ লগত জড়িত।কৃষি আৰম্ভণি আৰু কৃষি সামৰণিৰ লগত জড়িত এই বিহু তিনিটিত বহু লোকাচাৰ জড়িত হৈ আছে।সমাজখনত বাস কৰা লোকসকলে এই লোকাচাৰ বোৰৰ যোগেদি নিজৰ সংস্কৃতিক ধৰি ৰাখিবলৈ অতীজৰে পৰা চেষ্টা কৰি আহিছে।সময় সলনি হ’লেও গছতলৰ বিহুৱে আহি মঞ্চ গৰকিলেও কিন্তু বিহু নামবোৰৰ পৰিভাষা,বিহুত ব্যৱহৃত খাদ্য সম্ভাৰৰপৰা পিন্ধন উৰণলৈকে কিন্তু একেই আছে।বিহু নাচ ঢোলবাদন ইত্যাদিত পৰিশীলিত ৰূপ পৰিগ্ৰহ হৈছে সেয়া একে আষাৰে মানি ল’ব লাগিব।পূৰ্বতে ঢোলবাদন পেঁপাবাদন শৈলী একে আছিল যদিও নাচৰ ভংগিমা ভিন্ন আছিল কিন্তু সময় সলনি হোৱাৰ লগে লগে নাচোন ভংগীমা নিৰ্দিষ্ট লয় আৰু তালত সংগত কৰিবলগীয়া হৈছে।ই সমাজখনৰ বাবে ভাল কথা।বিহুৰ ওপৰত বহুত চিন্তা চৰ্চা চলিছে। ইও এক যোগাত্মক কথা।কিন্তু স্বকীয় সংস্কৃতিক বচাবলৈ গৈ উন্নত পৰিভাষাক সংযোজন কৰিবলৈ গৈ বিকৃত কৰিলেহে ই বেয়া কথালৈ পৰিবৰ্তন হ’ব।
জাতি এটাৰ অস্তিত্ব আৰু চেতনাবোধ জাতিটোৰ জাতীয় উৎসৱৰ মাজেৰে প্ৰতিফলিত হয়।গতিকে আমি জাতীয় উৎসৱ বিহুক কেতিয়াও বিকৃতকৰণ কৰাৰ চেষ্টা কৰিব নালাগে।বিহু অসমীয়া জাতিৰ আয়ুসৰেখা।আয়ুস থাকে মানেহে জাতিৰ উশাহ থাকিব।প্ৰকৃতিপদত্ত কিছুমান কৰ্মৰদ্বাৰা জাতীয় উৎসৱৰ উমান ল’ব জনাটোও এক ডাঙৰ কথা।বিহুলৈ দুই দেৰমাহ থাকোঁতেই অচিন ঠাইৰপৰা কুলিজনী অসমলৈ অহাটো হয়তো নতুন কথা নহয়।যুগ যুগান্তৰৰ পৰা এই নিয়ম নিচিগা ধাৰেৰে প্ৰবাহিত হৈ আছে।গছৰ ডালত কপৌ ভাটৌ ফুলবোৰ বসন্ত অহাৰ জাননীৰে স্বত:স্ফূতভাবে ফুলি উঠে।নাহৰ গছজোপা পুৰঠ হৈ ফুলি উঠে।তগৰ ফুল,টেঙা ফুলবোৰ ফুলি উঠে।এই ধৰণৰ বতৰৰ পৰিবৰ্তনবোৰেও জাতীয় উৎসৱটিক আদৰণি জনায়।চ’তৰ শেষত বৰষুণ এজাক দুজাকেৰে ধৰিত্ৰী জীপাল কৰি সতেজ হ’বলৈ দিয়া গছবন বোৰত সেউজ আৱৰণৰে সুশোভিত কৰি তোলে।বসন্তৰ জাননীয়ে বিহু।গৰু গা ধুৱাবলৈ ন পানী অহাটো হয়তো নতুন কথা নহয়।ফাগুনৰ চ’তৰ চৌফলীয়া ৰ’দত ঘামি জামি তাঁতশালত পকোৱা গামোচা লগাই চেনাইধনক বিহুৱান যাঁচিবলৈ তৎপৰ হোৱাটোও প্ৰকৃতিৰ দান।প্ৰকৃতি সলনিৰ লগত মানিহৰ দেহত ফুটি উঠা ভাৱ ভাষালৈও পৰিবৰ্তন আহে।বিহু বা বসন্ত যৌৱনৰ প্ৰতীক।যৌৱন সদায় ৰঙীণ আৰু ই সৃষ্টিৰ সমল।ঠিক তেনেকৈ কৃষি কৰ্মক শস্যশ্যামলা কৰি তোলাৰ উদেশ্যেৰে ঢোলৰ মাতত মেঘে গোজৰাৰ,টকাৰ মাতত ভেকুলীয়ে টোৰটোৰুৱাৰ,গগনাৰ মাতত বিজুলী ঢেৰেকণীয়ে চিকমিকাওক ধাৰণাৰ,পেঁপাৰ মাতত বৰষুণ নামক,তালৰ মাতত ধৰিত্ৰী সজীৱ হোৱাৰ কামনাৰে অসমীয়া কৃষিজীৱী মানুহে উৎসৱৰ অৱতাৰণা কৰা ধাৰাটো সদায়ে অক্ষুণ্ন থাকক।বিহু উৎসৱ সম্প্ৰীতিৰ যেন আন এটি নাম।অসমখন বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য।অসমীয়াৰ লগতে আন বহি জনগোষ্ঠীৰ লগতে বিহু উৎসৱৰ সামঞ্জস্য থকা দেখা যায় আৰু অসমীয়া সমাজৰ বিহু উৎসৱৰ লগত সকলোৱে চামিল হ’ব বিচৰাটো অন্য এক সুন্দৰ উদাহৰণ।
অসমৰ সংস্কৃতিৰ ক্ষেত্ৰখনত ঢোল, পেঁপা,গগনা,টকা,তাল,বাঁহী ,সুতুলি আদি বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত চহকী ৰাজ্য।কুটীৰ শিল্পৰ ক্ষেত্ৰত থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা এই বাদ্যসমূহ সুলভ হোৱাৰ লগতে মূল্যও কম।অসমৰ জাপিশিল্পৰ ক্ষেত্ৰখনলৈ মন কৰিলেও দেখা যায় যে নিৰ্দিষ্ট এলেকাত এই সৰুদৈয়া ,বৰদৈয়া জাপিসমূহ তৈয়াৰ কৰা হয় আৰু থলুৱা মানুহচামে এনেধৰণে জাপি নিৰ্মাণেৰে আৰ্থিকভাবে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে।ঠিক তেনেকৈ অসমৰ বিহুৱান তথা গামোচা খনৰ আদৰো কোনোগুণে কম নহয়।সভা সমিতিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনাবলৈ অসমৰ ফুলাম জাপিটোৰ লগতে গামোচাখনৰো প্ৰয়োজনীয়তা আছে।অসমৰ শিপিনীসকলে গামোচা বৈ কাটি আন্ত:ৰাষ্ট্ৰীয় বজাৰতো সমাদৰ লাভ কৰিছে।কেৱল গামোচাই নহয়।অসমৰ শিপিনীৰ তাঁত শালৰ কাপোৰৰ মান্যতা যুগে যুগে আছে আৰু থাকিব।এই সকলোবোৰৰ সমন্বয়তহে অসমীয়া জাতীয় উসৱৰ মুল কাঠামু গঢ় লৈ উঠিছে।আৰু এই সকলোবোৰৰ সঠিক মূলায়ণ হ’বলৈ আমি নিজে সচেষ্ট হ’ব লাগিব।জনসচেতনতা বৃদ্গি কৰি জাতীয় কৃষ্টি সংস্কৃতিক ৰক্ষা কৰিবলৈ আমি অহোপোৰুষাৰ্থ কৰিব লাগিব।চৰকাৰ, প্ৰশাসন,জনসাধাৰণ একত্ৰিত হৈ জাতীয় সম্পদবোৰক ৰক্ষণাবেক্ষন দিয়াৰ লগতে জাতীয় মেৰুদণ্ড স্বৰূপ বিহু উৎসৱক সঠিক মূল্যায়ণেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হওঁ আহক।নিজৰ স্বাভিমানক নিজে বৰ্তাই নাৰাখিলে আন কোনে ৰাখিব।