জাতীয় পতাকা
বাহাৰুল ইছলাম, শিক্ষক
তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকাক
সৱে শ্ৰদ্ধা কৰে,
পতাকা উত্তোলনৰ শুভ ক্ষণত
মন ওপচি পৰে।
ওপৰৰ গেৰুৱাই সাহস-ত্যাগক বুজায়
মাজত শুকুলা আছে,
সত্য আৰু শান্তিক লয় আকোঁৱালি
সৱেই সন্মান যাচে।
তলত থকা সেউজীয়া ৰঙে
কৃষি-প্ৰগতিৰ কথা কয়,
বগাৰ মাজৰ অশোক চক্রটোৱে
ধৰ্মকে মানি লয়।
চক্রটোৰ গাঢ় নীলা ৰঙে হেনো
আকাশ-সমুদ্ৰক বুজায়,
ত্ৰিৰংগ পতাকাৰ বৰণে দেখোন
বহু কথাকে সূচায়।
চৌবিছ দণ্ডৰ প্ৰতিটোৱে দোহাৰে
মহান অনেক কৰ্ম,
কৰিবা কৰ্ম দেশ-দহৰ হকে
জানিবা সাৰমৰ্ম।