জাতি, মাটিৰ গান গোৱা শিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ ৰাইজৰ দলৰ 

জাতি, মাটিৰ গান গোৱা শিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ ৰাইজৰ দলৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- জাতি মাটিক ভাল পোৱা এগৰাকী স্বাভিমানী অসমীয়া শিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । এক শোকবাৰ্তাত গগৈয়ে কয় যে দেশৰ বাবে, জাতিৰ বাবে, জনগণৰ বাবে ভৱা মানুহ এজন অকালতে হেৰোৱালোঁ। উল্লেখ্য প্ৰতিখন মঞ্চতে জাতীয় চেতনা ভৰা গীতেৰে জনগণক উদ্ধুদ্ধ কৰি অহা প্ৰয়াত ৰাজীৱ শদিয়া ৰাইজৰ দলৰ এগৰাকী শুভাকাংক্ষী হোৱাৰ লগতে তেওঁ দলৰ এটি থিম ছঙটো কন্ঠ দিছিল। ৰাজীৱ শদিয়াৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক জগত খনত এটা বিশাল শূণ্যতাৰ সৃষ্টি কৰিলে। ৰাইজৰ দলৰ তৰফৰ পৰা তেখেতৰ শোক-সন্তপ্ত পৰিয়াল বৰ্গ আৰু সহস্ৰ অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।