জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি এটি অনুভৱ
ছেলিমা বেগম
নগাঁও
হে জাতিৰ পিতা বাপুজী,
প্ৰণাম জনালোঁ তোমাক,
অহিংসা- সত্যাগ্ৰহৰ অস্ত্ৰৰে
শক্তিশালী কৰিলা আমাৰ ভাৰত ৷
সাম্ৰাজ্যবাদী বৃটিছ শক্তিক পৰাভূত কৰি
ভাৰতৰ সফলতা দেখুৱাই দিলা তুমি ।
পৰাধীনতাৰ শিকলি চিঙি
ভাৰতবাসীক মুক্ত কৰি
স্বাধীন চিত্তে থাকিবলৈ দিলা
হে আমাৰ বাপুজী ,
ভাৰতৰ ত্ৰাণকৰ্তা তুমি
ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা,
তোমাৰ ত্যাগৰ বিনিময়ত আমি পালোঁ স্বাধীনতা।
ইংৰাজৰ হাতৰ পৰা মুক্ত কৰি
ভাৰত স্বাধীন কৰি দিয়াৰ বাবে
কতবাৰ যে আন্দোলনত জপিয়াই পৰিছিলা
তুমি জাতিৰ পিতা বাপুজী।
নিজ দেশ ৰক্ষাৰ খাতিৰত
বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি
কতবাৰ যে কাৰাবাস খাটিবলগীয়া হৈছিলা
হে জাতিৰ পিতা বাপুজী।
এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে
থাকিব পাৰি আমি
গৌৰৱ কৰিছোঁ আজি তোমাক লৈ
হে নমস্য পিতা !
নিজ দেশৰ বাবে শ্বহীদ হৈ আজিও
অমৰ হৈ আছা আমাৰ মাজত
প্ৰতিবছৰে দুই অক্টোবৰত
অহিংসা নীতিৰ পূজাৰীক স্মৰণ কৰি
গান্ধী জয়ন্তী হিচাপে পালন কৰিম আমি ভাৰতবৰ্ষত তোমাৰ জন্ম দিনৰ সোঁৱৰণিৰে
শুভেচ্ছা জনালোঁ