জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীক ৰটন টাটা নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ

Pc economic times

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীক ৰটন টাটা নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিলে। কেবিনেটৰ সিদ্ধান্তৰ সবিশেষ অৱগত কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কেবিনেটে এতিয়াৰে পৰাই জধেমধে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। বিশেষকৈ ইউএছটিএমকে ধৰি একাংশ বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে ৰাজ্য চৰকাৰে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কিছু কঠোৰ নীতি-নিয়ম প্রণয়ন কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা জধেমধে অসমত স্থাপন কৰিব নোৱাৰিব ব্যক্তিগত বিশ্ববিদ্যালয়। যদি কোনো প্রতিষ্ঠানে অথবা কোনো লোকে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰে, তেন্তে পোনপ্রথমে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰমাণপত্ৰ লাগিব। গৃহ আৰু ৰাজনৈতিক বিভাগে সুৰক্ষা বিষয়ৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। তদুপৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব খোজা ব্যক্তিজন সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ হ’ব লাগিব। একেদৰে ধৰ্মান্তৰকৰণ আদি বিষয়ৰ ক্ষেত্ৰত তেওঁ জড়িত হ’ব নোৱাৰিব। এতিয়াৰে পৰা বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত একমাত্র বৃহৎ অট্টালিকা নির্মাণ কৰিলেই নহ’ব, ৰাষ্ট্ৰীয় সুৰক্ষাজনিত প্রমাণপত্ৰৰো প্রয়োজন হ’ব। আনহাতে কেবিনেটে ছেমিকণ্ডাক্টৰ প্রকল্পস্থলীক ৰটন টাটা নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ উন্নয়নৰ দিশত প্রয়াত ৰটন টাটা আৰু টাটা গ্রুপৰ অতুল্য ভূমিকা আৰু অৱদানৰ স্বীকৃতি হিচাপে ৰাজ্যিক কেবিনেটে জাগীৰোডত ইলেক্ট্রনিক চিটীৰ নাম ৰটন টাটা ইলেক্ট্র’নিক চিটী, জাগীৰোড হিচাপে ৰখাৰ সিদ্ধান্ত লয়। কেবিনেটে লোকনির্মাণ বিভাগ আৰু জলসম্পদ বিভাগত নতুনকৈ উত্তীর্ণ হোৱা অভিযন্ত্রাসকলে ঠিকা কৰাৰ ক্ষেত্ৰতো গ্রহণ কৰে এলানি সিদ্ধান্ত। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয় যে লোকনির্মাণ বিভাগত ঠিকাৰ নিবিদাত অংশগ্ৰহণৰ বাবে যি নিয়মাবলী তথা চর্ত নির্ধাৰণ কৰা আছে, তেনে চর্ত-নিয়মাৱলী অভিযন্তা অথবা পলিটেকনিক উত্তীর্ণ প্রার্থীয়ে ঠিকা কৰিব বিচাৰিলে শিথিল কৰা হ’ব। কেবিনেটে এই অভিযন্তা তথা ডিপ্ল’মা হ’ল্ডাৰসকলক ঠিকাৰ ক্ষেত্রত কিছু শিথিলতা দিয়াৰ সিদ্ধান্ত লয়। কোনো অভিযন্তা উত্তীর্ণ তথা ডিপ্ল’মা হ’ল্ডাৰে যদি ঠিকা কৰিব বিচাৰে, তেন্তে ৫ বছৰলৈ এই চৰ্তাৱলী শিথিল কৰা হ’ব। এতিয়াৰে পৰা তেওঁলোকৰ ওচৰত নিৰ্মাণত জড়িত বৃহৎ যন্ত্রপাতি নাথাকিলেও আনৰ সহায়েৰে ঠিকাৰ কাম কৰাৰ ক্ষেত্রত শিথিলতা দিয়া হৈছে। মুখ্যতঃ লোকনির্মাণ আৰু জলসম্পদ বিভাগত থলুৱা ঠিকাদাৰ সৃষ্টি কৰাৰ বাবে কেবিনেটে এই সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে ৰাজ্যত ১০টা স্কিল চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে। ৯০ কোটি টকা ব্যয় সাপেক্ষে হ’বলগা এই স্কিল চেণ্টাৰসমূহ স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগ কৰিব পেন-আইআইটি এলুমিনি এছ’চিয়েচনে। মুখ্যমন্ত্ৰী ড° শর্মাই প্ৰকাশ কৰা অনুসৰি যথেষ্ট সুখ্যাতিৰে আইআইটিৰ পৰা উত্তীর্ণ বহু ৰাজ্যৰ ছাত্ৰই বিভিন্ন স্থানত ভাল কাম কৰি আছে। তেওঁলোকে গঠন কৰা এই পেন-আইআইটি এলুমিনি এছ’চিয়েচনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াই ৰাজ্যত ১০খন স্কিল চেণ্টাৰ নিৰ্মাণৰ সিদ্ধান্ত লয় কেবিনেটে। এই গোটেই স্কিল চেণ্টাৰ নিৰ্মাণত ব্যয় হ’বলগা ৯০ কোটি টকাৰ ১০ কোটি ৰাজ্য চৰকাৰে ব্যয় কৰাৰ বিপৰীতে বাকী ৮০ কোটি টকা পেন-আইআইটি এলুমিনি এছ’চিয়েচনে ব্যয় কৰিব। ৰাজ্যিক কেবিনেটে বাঁহ অর্থনীতি প্ৰসাৰৰ বাবে তথা বাঁহ উদ্যোগক শক্তিশালী কৰিবলৈ  গ্রহণ কৰিলে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্রী ড° শর্মাই প্রকাশ কৰা অনুসৰি অসমত নির্মাণকার্যত লোকনির্মাণ বিভাগক বাধত্যামূলকভাবে ৫ শতাংশ বাঁহ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ নির্মীয়মাণ ভৱনৰ মজিয়া, দুৱাৰ-খিৰিকী বাঁহেৰে নিৰ্মাণ কৰাৰ বাবে কেবিনেটে নির্দেশনা প্ৰেৰণ কৰে। কেবিনেটে ভৱন নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰতো লোকনির্মাণ বিভাগত নিৰিখ অনুযায়ী ইঞ্জিনীয়াৰড বাঁহ সংযুক্ত সামগ্রী অন্তর্ভুক্ত কৰাত অনুমোদন জনায়। কেবিনেটে  এডভান্টেজ আছাম ২.০ৰ সন্মিলন সফলতাৰে আয়োজন কৰাৰ ক্ষেত্ৰত অসমলৈ আগবঢ়োৱা সমর্থন আৰু নির্দেশনাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এক প্ৰস্তাৱ গৃহীত কৰে। আনহাতে কেবিনেটে বান আৰু খহনীয়া নিয়ন্ত্ৰনৰ বাবে ৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্রকল্পৰ অনুমোদন জনায়। কেবিনেটে অসমক ঔদ্যোগিক গন্তব্য স্থান হিচাপে প্রতিষ্ঠাৰ লক্ষ্যৰে গ্ৰহণ কৰিলে দুটাকৈ নীতি। ইয়াৰে প্ৰথমটো হ’ল আছাম ইলেক্ট্র’নিকছ ছিষ্টেম ডিজাইন এণ্ড মেনুফেকচাৰিং পলিচী ২০২৫ আৰু আছাম ফার্মাটিউটিকেল এন্ড মেডিকেল ডিভাইচ পলিচী ২০২৫। কেবিনেটে  দুখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনতো অনুমোদন জনায়। এই দুখন হ’ল তিনিচুকীয়াৰ এডকেট দক্ষতা বিশ্ববিদ্যালয় আৰু মা কামাখ্যা ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়, অসম।