জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন সম্পন্ন

জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমবাসীৰ বাবে এক ঐতিহাসিক দিন। ৰাজ্যখনত প্রযুক্তিগত প্ৰগতিৰ দিশত এক মাইলৰ খুঁটিস্বৰূপ ২৭ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে জাগীৰোডত স্থাপন হ’বলগীয়া  অসমৰ প্ৰথমটো ছেমিকণ্ডাক্টৰৰ ভূমি পূজন অনুষ্ঠানত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। দেশত ছেমিকণ্ডাক্টৰ উদ্যোগৰ ভৱিষ্যৎ নিৰ্মাণৰ দিশত এক নৱবিপ্লৱৰ সূচনা কৰি যোৱা ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।  টাটা ছনছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰণে ভূমি পূজন কৰা এই অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব  শৰ্মাই এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰা বুলি উল্লেখ কৰি কয় যে ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞ অসমবাসীৰ হৈ অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব  শর্মাই কয় যে টাটা গ্ৰুপৰ লগত অসমৰ সম্পৰ্ক নতুন নহয়, অসমৰ চাহ শিল্পৰ লগত টাটা গ্ৰুপৰ লগত ২০০ বছৰীয়া সম্পর্ক আছিল আৰু সেই সম্পর্ক আজিও অটুট আছে। অসমৰ চাহ বাগিচাৰ ২৯ হাজাৰ শ্ৰমিকক টাটা গ্রুপে কর্মসংস্থাপন দিয়াৰ লগতে এক লাখতকৈ অধিক লোকৰ জীৱিকাৰ দায়িত্ব বহন কৰি আহিছে। ইয়াৰ উপৰি বিগত দিনবিলাকত টাটা গ্রুপৰ সহযোগত ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসাৰ এক নতুন ধাৰণাৰে চিকিৎসালয় স্থাপন কৰিবলৈ সক্ষম হোৱাৰ লগতে টাটা গ্রুপৰ লগত যৌথভাৱে অসমৰ পলিটেকনিক আৰু আইআইটিসমূহক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ এক অভিলাষী যোজনা ৰূপায়ণ কৰাৰ কামত ৰাজ্য চৰকাৰ ব্ৰতী হৈ আছে। অসমত পূৰ্বৰ পৰিস্থিতিৰ বাবে কোনো ব্যক্তিগত কোম্পানীয়ে উদ্যোগ স্থাপনৰ বাবে বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা নাছিল। অসমৰ মুখ্যমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ অসমত কেনেকৈ এক ঔদ্যোগিক বিনিয়োগ আনিব পাৰে, তাৰ বাবে চিন্তা-চৰ্চা কৰি আছিল। টাটা গ্ৰুপৰ অসমৰ প্ৰতি এক সুন্দৰ ধাৰণা আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আজিৰ পৰা প্ৰায় ১৫ বছৰ আগতে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন’লজী প্ৰতিষ্ঠাৰ বাবে যেতিয়া কাম হাতত লোৱা হৈছিল, তেতিয়া ভাৰত চৰকাৰে কৈছিল যে এনেধৰণৰ প্ৰতিষ্ঠান অসমত স্থাপন কৰিব লাগিলে কোনো এটা ব্যক্তিগত উদ্যোগে কো-স্পনছ’ৰ কৰিব লাগিব। সেইক্ষেত্ৰত টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক কো-স্পনছ’ৰ হ’ব লাগে বুলি অনুৰোধ জনোৱা হৈছিল আৰু ৰাজ্য চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেতিয়াৰ পৰাই ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন’লজীয়ে কো-স্পনছ’ৰ হিচাপে আজি ১৫ বছৰ ধৰি ৰাজ্য চৰকাৰৰ সৈতে কাম কৰি আহিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে যেতিয়াই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ উদ্যোগৰ ধাৰণা অৱতাৰণা কৰিলে তেতিয়াই মুম্বাইলৈ গৈ চন্দ্ৰশেখৰণক সাক্ষাৎ কৰা হৈছিল। চন্দ্ৰশেখৰণে সহৃদয়তাৰে কৈছিল যে ভাৰত চৰকাৰে এইক্ষেত্রত যদি সন্মতি জনায়, তেন্তে ২৭ হাজাৰ কোটি টকাৰ বিনিয়োগৰ এই উদ্যোগটো অসমত স্থাপন কৰিবলৈ টাটা ছনছ আগ্রহী। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি বিত্তমন্ত্রী নির্মলা সীতাৰমণ, যোগাযোগ-ইলেক্ট্র’নিকছ আৰু তথ্য-প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱকে ধৰি ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁৰ ভাষণত কয় যে ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে এই ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ জৰিয়তে যদি এক সফল ইতিহাস গঢ়ি তুলিব পৰা যায়, তেন্তে ভৱিষ্যতে প্ৰকৃতাৰ্থত অসম দেশৰ ভিতৰতে উদ্যোগপ্ৰধান ৰাজ্য হিচাপে পৰিগণিত হ’ব। ৰাজ্যৰ নিবনুৱাসকলৰ কৰ্মসংস্থাপন কেৱল চৰকাৰী খণ্ডত নিয়োগ কৰি সমাধান কৰিব নোৱাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে যেতিয়া ৰাজ্যৰ ১২ লাখ নিবনুৱাই চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে আগবাঢ়ি আহে, তেতিয়াই অনুভৱ কৰিব পাৰি যে অসমত উদ্যোগীকৰণৰ প্ৰয়োজনীয়তা আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্য চৰকাৰে আজি ভৱিষ্যৎ উদ্যোগৰ বাবে যি নতুন ৰূপৰেখা স্থাপন কৰিবলৈ আগবাঢ়িছে সেয়া অসমৰ ইতিহাসত এক মাইলৰ খুঁটি হৈ ৰ’ব। যেতিয়াই ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ কথা ওলাইছিল, তেতিয়া ইয়াত স্থানীয় যুৱক- যুৱতীসকলে কাম কৰিব পাৰিবনে বুলি প্রশ্ন উত্থাপন হৈছিল। কিয়নো এনেধৰণৰ উদ্যোগৰ লগত অসমৰ পৰিচয় নাছিল। এইক্ষেত্ৰত টাটা ছনছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক চন্দ্ৰশেখৰণে অসমৰ এহাজাৰ যুৱক- যুৱতীক এনে ব্যৱস্থা থকা ঠাইত প্রশিক্ষণ প্রদান কৰি আনি জাগীৰোডৰ এই ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰথম বেটছত অসমীয়া কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ কথাও মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে। অসমৰ বাহিৰত বৰ্তমান এই উদ্যোগৰ লগত জড়িত সকলো যুৱক-যুৱতীয়ে অসমলৈ ঘূৰি আহি এই উদ্যোগৰ লগত জড়িত হ’ব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে প্রতিজন অসমীয়াৰ জীৱনকালত এনে সোণোৱালী ক্ষণ ইতিহাস হৈ থাকিব। পৰমপিতা নেদেখাজনৰ আশীৰ্বাদ, শ্রীমন্ত শংকৰদেৱৰ আশীৰ্বাদ নোহোৱা হ’লে অসমে আজি এই সোণোৱালী ইতিহাসৰ সাক্ষী হ’ব নোৱাৰিলেহেঁতেন বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্রী হিচাপে এনে সোণোৱালী দিনৰ সাক্ষী হোৱাৰ অপাৰ সুযোগ প্রদান কৰাৰ বাবে নেদেখাজনক কৃতজ্ঞতা জ্ঞাপন কৰে। জাগীৰোডৰ এই স্থানত যেতিয়া হিন্দুস্তান পেপাৰ মিল বন্ধ হৈ গৈছিল, তেতিয়া জাগীৰোডবাসীৰ লগতে সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে সৃষ্টি সদায় সংকটৰ পৰাই হয়। যেতিয়া মানুহৰ জীৱনলৈ আটাইতকৈ দুখৰ দিন আহে, সেই দুখৰ মাজতেই সুখৰ আৰম্ভণি হয়। মানুহৰ জীৱনত যেতিয়া আটাইতকৈ প্রতিকূলতা দেখা যায়, সেই প্রতিকূলতাৰ লগত যুঁজি মানুহে সৃষ্টি আৰু নতুন দিনৰ আৰম্ভণি কৰে। ৰাজ্য চৰকাৰৰ ওপৰত বিশ্বাস আৰু আস্থা ৰখাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি কয় যে টাটা গ্ৰুপৰ সমগ্ৰ দেশতে এক বিশাল সাম্রাজ্য আছে। প্রতিষ্ঠানটোৱে এই উদ্যোগটো ইচ্ছা কৰিলে আন ৰাজ্যত স্থাপন কৰিব পাৰিলেহেঁতেন। অসম চৰকাৰে যিমান সহযোগিতা কৰিলে তাতকৈ দুগুণ সহযোগিতা ভাৰতৰ আন ৰাজ্যৰ পৰাও হয়তো পালেহেঁতেন। ইয়াৰ পাছতো অসমত এই উদ্যোগটো স্থাপন হোৱাটো ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ দিন।  এই অনুষ্ঠানত জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা, উদ্যোগমন্ত্রী বিমল বড়া, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উখাও গৌৰা ব্ৰহ্মা, ৰাজহমন্ত্রী যোগেন মহন, শ্রমমন্ত্রী সঞ্জয় কিষাণ, শক্তিমন্ত্রী নন্দিতা গার্লোছা, বিধায়ক প্রশান্ত ফুকন, ৰূপক শর্মা, জিতু গোস্বামী, শশীকান্ত দাস, ৰমাকান্ত দেউৰী, কমলাক্ষ দে’ পুৰকায়স্থ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মুখ্য সচিব ড° ৰবি কোটা, টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ, টাটা ইলেক্ট্রনিকছৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী ৰণধীৰ ঠাকুৰ, টাটা ছনছৰ মুখ্য স্ট্রেটেজি বিষয়া অংকুৰ বাৰ্মা, টাটা ছেমিকণ্ডাক্টৰ আৰু টেষ্টৰ ব্যৱসায়িক মুৰব্বী চৰণ গুৰুমূর্তি, গ্ল’বেল মেনেজমেন্ট ছাৰ্ভিচ ইণ্ডিয়াৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ আদিও উপস্থিত থাকে।