জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব পৰিৱেশ দিৱস – বন্দিতা শৰ্মা কন্দলি

PC - Vecteezy

জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব পৰিৱেশ দিৱস

বন্দিতা শৰ্মা কন্দলি

পৰিৱেশ বুলিলে আমি সাধাৰণতে আমাৰ চৌপাশৰ অৱস্থাটোকে বুজো। অৰ্থাৎ আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ,প্ৰাণী , শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ব্যৱস্থা আদিক বুজায়। সুস্থ বাতাবৰণ আৰু সুস্থ পৰিৱেশতহে প্ৰাণী জিয়াই থাকিব পাৰে। বিশেষকৈ বায়ু, পানী, মাটি নহ’লে কোনো জীৱই জিয়াই থাকিব নোৱাৰে। নিৰ্দিষ্ট পৰিমাণত থকা কিছুমান বিশেষ উপাদান লগলাগিহে বায়ু, পানী আৰু মাটিৰ সৃষ্টি হৈছে। যদি বায়ু, পানী আৰু মাটিত থাকিবলগীয়া পদাৰ্থ সমূহ নাথাকে বা সঠিক পৰিমাণতকৈ বেছি থাকে বা অপ্ৰয়োজনীয় পদাৰ্থ সোমাইহি তেতিয়াই পৰিৱেশ প্ৰদূষিত হোৱা বুলি কোৱা হয়।

প্ৰদূষিত পৰিৱেশে বতৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। সেয়ে কোনো কোনো ঠাইত অতি শীতল, কোনো কোনো ঠাইত জহ কালিৰ উষ্ণতা অতি বেছি হোৱা দেখা যায়। অতিপাত বৰষুণ আৰু ঠায়ে ঠায়ে খৰাং হোৱা দেখা যায়। এনে পৰিবৰ্তন হঠাৎ হোৱা নাই। ২০- ২৫ বছৰৰ আগৰেপৰাই এনে পৰিবৰ্তন আৰম্ভ হ’বলৈ ধৰিছিল। বতৰৰ এনে পৰিবৰ্তনক জলবায়ু পৰিবৰ্তন বুলি কোৱা হয়। অৰ্থাৎ এখন ঠাইৰ দীৰ্ঘ সময়ৰ (২০-২৫ বছৰৰ),গড় বতৰৰ নমূনাকে সেই ঠাইৰ জলবায়ু বুলি কোৱা হয়। বৰ্তমান আমিও জলবায়ু পৰিবৰ্তনৰ মুখামুখি হ’ব লগাত পৰিছো।

জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণ সমূহৰ ভিতৰত জীৱাশ্ম ইন্ধনৰ দহন, অৰণ্য ধ্বংস,১১ বছৰীয়া চক্ৰৰ চৌম্বকীয় সৌৰকলংক আদিয়ে প্ৰধান। জীৱাশ্ম ইন্ধন অৰ্থাৎ কয়লা, পেট্ৰোলিয়াম আদি পোৰাৰ ফলত বায়ুমণ্ডল ত কাৰ্বন ডাইঅক্সাইড,কাৰ্বন মন অক্সাইড, ছালফাৰ ডাই অক্সাইড,মিথেইন,নাইট্ৰাচ অক্সাইড আদি বিয়পি পৰে। এই গেছ সমূহে সুৰ্যৰ পোহৰ তললৈ আহিবলৈ দিয়ে, কিন্তু পৃথিৱীৰ পৰা নিৰ্গত হোৱা বিকীৰণ ধৰি ৰাখি বায়ুৰ উত্তাপ বৃদ্ধি কৰে। ইয়াকে সেউজ গৃহ পৰিঘটনা বোলা হয়। এই পৰিঘটনাৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা অস্বাভাৱিক ভাবে বৃদ্ধি পায় আৰু অস্বাভাৱিক ভাবে কমেও।

আকৌ বায়ুমণ্ডলত বিয়পি থকা ধোঁৱা -ছাইৰ কণিকা আৰু ধূলিবোৰে অধিক মেঘৰ সৃষ্টি কৰে যদিও বৰষুণ হোৱাত বাধা দিয়ে।গছ গছনি কটাৰ ফলত সৃষ্টি হোৱা অত্যাধিক ধূলিয়েও মেঘ সৃষ্টিত বাধা দিয়ে।গছ গছনি কমি যোৱাৰ বাবে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিছে। ফলস্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে।

পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰোঁতে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ তাৰতম্যৰ বাবেও উষ্ণতাৰ পৰিবৰ্তন হ’ব পাৰে।১১ বছৰীয়া চক্ৰৰ চৌম্বকীয় সৌৰকলংকৰ সময়ছোৱাত পৃথিৱীয়ে সূৰ্যৰ পৰা অধিক উত্তাপ পায় বাবেও জলবায়ুৰ পৰিৱৰ্তন ঘটে। সৌৰকলংকৰ সংখ্যা যিমানেই বেছি হ’ব সিমানেই সূৰ্যটো শক্তি বিকিৰণৰ ক্ষেত্ৰত বেছি শক্তিশালী হ’ব। উদাহৰণ স্বৰূপে ১৯৮০ চনত আৰম্ভ হোৱা চৌম্বকীয় সৌৰকলংক ১৯৯১চনত শেষ হৈছে।১৯৮০ চনতকৈ ১৯৯১ চনত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে। ক্ৰমে ১৯৯১ ৰ পৰা ১১ বছৰীয়া চক্ৰৰ ২০০২ৰ পাছত ২০১৩ ত আৰম্ভ হৈছে আৰু ২০২৪ চনত ইয়াৰ পূৰ্ণ বিকাশ ঘটিছে। জলবায়ু পৰিবৰ্তনৰ ইয়ো এক কাৰণ।

যিহেতু সুস্থ পৰিৱেশত হে প্ৰাণী জিয়াই থাকিব পাৰে। সেয়ে পৰিৱেশ সুৰক্ষাৰ বাবে জনসাধাৰণক সচেতন কৰি তুলিবলৈ প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে। একোটা বিশেষ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই দিৱস পালন কৰা হয়। ২০২৪ বৰ্ষৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে land restoration, desertification and drought resilience. অৰ্থাৎ ভূমি উদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং বতৰ প্ৰতিৰোধ কৰা। এই দিৱসৰ শ্লোগান হৈছে – আমাৰ মাটি আমাৰ ভৱিষ্যত।

মাটি পৰিৱেশৰ এক অপৰিহাৰ্য্য উপাদান। মাটিৰ জৈৱিক গুণ অক্ষুণ্ণ নাথাকিলে উদ্ভিদ, প্ৰাণী জিয়াই থকা অসম্ভৱ। সেয়ে সেউজীয়া গছ গছনি ৰোপন আৰু প্ৰতিপালন কৰি জীৱৰ লগত ভাৰসাম্য বজাই ৰাখিবলৈ পৰিৱেশ সুৰক্ষাৰ বিষয়টো অতি জৰুৰী হৈ পৰিছে। সৰুৰ পৰা ডাঙৰলৈ সকলোৱেই আমাৰ ভূমিক সুৰক্ষা প্ৰদান কৰিবলৈ সংকল্পবদ্ধ হওঁ আহক।