জম্মু-কাশ্মীৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ ৬খন জিলাৰ ২৬টা সমষ্টিত চলি আছে ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, দিনৰ ১১বজালৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ হাৰ হৈছে ১০.২২শতাংশ।বৰ্তমানলৈ আটাইকেইটা সমষ্টিতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। সকলো ভোটগ্ৰহণ কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ এই ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ২৬টা সমষ্টিত আছে ২৫.৭৮লাখ ভোটাৰ। ২৩৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত। দ্বিতীয় পৰ্যায়ৰ যুঁজৰ মূল প্ৰাৰ্থীৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, জেকেপিচিচিৰ সভাপতি তাৰিক হামিদ কাৰা আৰু বিজেপিৰ জম্মু-কাশ্মীৰৰ মুৰব্বী ৰবিন্দৰ ৰাইনা । অহা ১অক্টোবৰত ৪০খন আসনৰ বাবে তৃতীয় পৰ্যায় তথা অন্তিমটো ভোটগ্ৰহণ অনুষ্ঠিত হব।ভোটগণনা ৮ অক্টোবৰত অনুষ্ঠিত হ’ব ৷