জম্মু-কাশ্মীৰৰ অনন্তনাগৰ প্ৰসূতি চিকিৎসালয়ত চিলিণ্ডাৰ বিস্ফোৰণত কেইবাজনো আহত
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ অনন্তনাগৰ মেটাৰ্নিটি এণ্ড চাইল্ড কেয়াৰ হস্পিটেলত (এমচিচিএইচ) চিলিণ্ডাৰ বিস্ফোৰণত কেইবাজনো লোক আহত হয়। চিকিৎসালয়ৰ এজন বিষয়াই জনোৱা অনুসৰি, টিকট কাউণ্টাৰত গৰম হৈ থকা গেছ চিলিণ্ডাৰটো লিকেজ হোৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। তেওঁ লগতে কয় যে আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে।