জম্মু-কাশ্মীৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সফলতাৰে সম্পন্ন

জম্মু-কাশ্মীৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সফলতাৰে সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সফলতাৰে অন্ত পৰে। এক দশকৰ মূৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৫৯ শতাংশৰো অধিক ভোটাৰে ভোটদান কৰিলে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ আজি ভোটগ্ৰহণ হোৱা মুঠ ৭ টা বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৫৯.৪৩ শতাংশ। ৰাজ্যখনত সৰ্বাধিক ভোটদান হয় কিষ্টৱাৰ বিধানসভা সমষ্টিত। সমষ্টিটোত মুঠ ৭৯.৩৯ শতাংশ ভোটাৰে ভোটদান কৰে। বাকী অনন্তনাগ সমষ্টিত ৫৪.১৭ শতাংশ, ডোডা সমষ্টিত ৬৯.৩৩ শতাংশ,কুলগ্ৰাম সমষ্টিত ৬২.৪৬ শতাংশ, পুলৱামা সমষ্টিত ৪৬.৬৫ শতাংশ, ৰামবাম সমষ্টিত ৬৯.৫৬ শতাংশ আৰু শ্বপিয়ান সমষ্টিত ৫৩.৬৪ শতাংশ ভোটদান হয়। এই সমষ্টি কেইটাত মুঠ ২১৯ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিলে আজি ভোটাৰে। ইয়াৰ ভিতৰত আছে ৯ গৰাকী মহিলা প্ৰাৰ্থী।কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত পুৱাৰে পৰা ভোটাৰৰ মাজত স্পষ্টকৈ দেখা পোৱা গৈছিল উৎসাহ। পুৱাৰে ভোটকেন্দ্ৰত পুৰুষ, মহিলা, যুৱক, যুৱতীয়ে ভিৰ কৰা পৰলক্ষিত হৈছিল।কাশ্মীৰৰ শাসনৰ দায়িত্বভাৰ কাৰ হাতলৈ যায়, কাশ্মীৰী জনতাই কি সিদ্ধান্ত লয় সেয়া ৮ অক্টোবৰত স্পষ্ট হ’ব।