‘জনসেৱা’ৰ উদ্যোগত ফটাশিল-গড়চুক অঞ্চলৰ সমস্যা সন্দৰ্ভত ৰাজহুৱা সভা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাস্হিত স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ উদ্যোগত ১ মাৰ্চত নৱজাগৰণ সংঘ প্ৰাংগনত বৃহত্তৰ ফটাশিল- গড়চুক অঞ্চলৰ সমস্যা সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷সভাপতি কুমুদ শৰ্মাই আঁত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নুৰুল হক আহমেদে৷পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ড° কমল শৰ্মাই পৌৰোহিত্য কৰা সভাত জনসেৱাই প্ৰস্তুত কৰা স্মাৰক পত্ৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে আদি কৰি পাৰিষদক প্ৰদান কৰা হয়৷সভাত স্মাৰকপত্ৰত উল্লেখ কৰা এ কে দেৱ পথত উন্মুক্ত হৈ থকা পদপথ,ফটাশিল চাৰিআলি অঞ্চলটোৰ কলেৱৰ বৃদ্ধি কৰা,পূব দিশত আধৰুৱা হৈ থকা নলা সম্পূৰ্ণ কৰা,ধীৰেনপাৰা ষ্টেট বেংকৰ কাষত থকা নলাটো সম্পূৰ্ণ কৰা,পথৰ দাঁতিত থকা টেলিফোন আৰু বৈদ্যুতিক খুঁটাসমূহ আঁতৰ কৰা,পদপথটো পথচাৰীক যাতায়াতৰ বাবে সুচল কৰা,বিশুদ্ধ খোৱাপানী যোগান ধৰা,ধীৰেনপাৰা চিকিৎসালয়ৰ বৰিং নিৰ্মাণ কৰি স্থায়ী সমাধান কৰা,বন্ধ হৈ থকা বৰ্ষাপাৰা পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰা,পথৰ উপপথসমূহ পুননিৰ্মাণ কৰা,চম্পাৱতী হাইস্কুল খেলপথাৰখন উন্নত কৰা,বৰ্ষাপাৰাৰ চৰকাৰী মাটিত স্থায়ী থানা,অগ্নি নিৰ্বাপক কাৰ্যালয়,চৰকাৰী প্ৰতিষ্ঠান,ৰাজহুৱা সভাঘৰ,পুথিভঁৰাল নিৰ্মাণ কৰা,ঠায়ে ঠায়ে পাহাৰ খনন কাৰ্য বন্ধ কৰা,নলা সমূহ নিয়মিতভাৱে চাফ চিকুণ কৰা,চিটিবাছ আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহ পুনৰ চলাচলৰ দাবী জনোৱা হয়৷উক্ত সমস্যা সম্পৰ্কত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমাধানৰ আশ্বাস দিয়ে৷সভাত ১১নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী,১২ নং ৱাৰ্ডৰ পাৰিষদ দিপাংকৰ বৈশ্য,২০ নং ৱাৰ্ডৰ পাৰিষদ গৌড় গোপাল মন্দল,২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰী,প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়াই সমস্যা সন্দৰ্ভত ভাষণ দিয়ে৷সভাত স্থানীয় ৰাইজৰ হৈ মৌৰাম দাস,সঞ্জীৱ দেৱ চৌধুৰী,প্ৰদীপ কলিতা,দীপা শৰ্মা,গীৰেন্দ্ৰ ঠাকুৰীয়া,আকবৰ আলী আহমেদ,নগেন্দ্ৰ বড়ো,প্ৰণতি শৰ্মা,নৱপ্ৰসাদ শৰ্মা,কাৰ্তিক সৰকাৰে নিজ নিজ ৱাৰ্ডৰ সমস্যাৰ বিশদভাৱে ব্যাখ্যা কৰে৷জ্যোতিষ ঠাকুৰীয়াৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়৷