” জনমভূমি”
ভাল লাগে মোৰ জন্মভূমি দেখি
ক’ত শৈশৱৰ স্মৃতি ,
জন্মভূমি মোৰ অতি আদৰৰ
মনত লাগে যে ফূৰ্তী ।
জন্ম লৈ দেখিলোঁ সেউজ পৃথিৱী
আইৰ কোলাত শুই ,
এই খন দেশ মোৰ জন্মভূমি
ভাল লাগে গছ ৰুই ।
জীৱনৰ শেষ নিশ্বাস ইয়াত
ত্যাগ কৰি গুচি যাম,
জন্ম ভূমি মায়া এৰি গুচি যাম
মৰম ক’ত যে পাম ।
জন্ম যে লৈছিলোঁ অসমত মই
জন্ম স্বত্ব অধিকাৰ,
আছে যে আমাৰ এই ভূমিতেই
কৰি যাম সংস্কাৰ।
বায়ু পানী খাই ডাঙৰ দীঘল
হৈছোঁ এই ভূমিতেই,
গুণ গান গাই যাম অসমৰ
জনমভূমি মোৰেই।
জন্মভূমি মোৰ অতি আদৰৰ
মৰিলেও অমৰ হৈ ,
এই ভূমিৰ হে ইতিহাস ৰচি
যাম সোণালী ৰং লৈ ।
জনম ভূমিত খেলি খেলি পাৰ
কৰিলোঁ ক’ত যে খেল,
আইৰ বুকুত জিৰণি লৈ বুলি
বহিছিলোঁ ক’ত মেল ।
তথাপি ভাল হে মোৰ জন্ম ভূমি
জীয়াই থাকিব পাৰি ,
মোৰ জন্ম ভূমি প্ৰতিটো মূহুৰ্ত
সঁচাকৈ স্মৰণ কৰি।