জখলাৰে বগাই নেযাবা
এছ ইছলাম, শিক্ষক, বৰপেটা
জখলাৰে বগাই নাযাবা
হাত ভৰি নাভাগিবা
ৰ’ লাগি নাচাবা
চকু মেলি নাচাবা
দূৰ গগণলৈ নাযাবা
চকু মুদি চোৱা,
তাতেই মোক দেখা পাবা।
জখলাৰে বগাই নাযাবা
চন্দ্ৰ পৃষ্ঠতো নাযাবা
আকাশ বগাই নুফুৰিবা
গভীৰ ভাৱে চোৱা
হৃদয়ৰ গোপন কক্ষত
চকু মুদি চোৱা
তাতেই মোক দেখা পাবা।
মন্দিৰ লৈ নাযাবা
গীৰ্জা লৈ নাযাবা
মচজিদলৈ নাযাবা
নিজৰ ঘৰখনতেই
মোক বিচাৰি পাবা
চকু মুদি চোৱা
তাতেই মোক দেখা পাবা।
সৰ্বান্তকৰণে বিচাৰিবা
সংগোপনে
এক ধ্যান এক মনে
বিচাৰিবা মনে মনে
চন্দ্রাৱলী গভীৰ নিশাত
চাবা তোমাৰ হৃদয় মন্দিৰত
চকু মুদি চোৱা
তাতেই মোক দেখা পাবা।