জখলাবন্ধা সত্ৰত হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ইছলাম ধৰ্মীয় যুৱতীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা– জখলাবন্ধা সত্ৰত এগৰাকী উচ্চ শিক্ষিত ইছলাম ধৰ্মালম্বী যুৱতীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ ৰঙিয়াৰ যুৱতীগৰাকীক সনাতন ধৰ্মৰ দীক্ষা দিয়া হয় জখলাবন্ধা সত্ৰত ৷ সত্ৰখনৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ তত্ত্বাৱধানত পুৰোহিতৰ পূজা-অৰ্চনা, হোম আদিৰ জৰিয়তে মহাপুৰুষ শ্রীশ্রীদামোদৰদেৱ গুৰুৰ ধৰ্ম দৰ্শনত শৰণ গ্ৰহণ কৰি যুৱতীগৰাকীয়ে হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। যুৱতীগৰাকীৰ আবেদনৰ ভিত্তিত সত্ৰাধিকাৰ গোস্বামীয়ে তেওঁক প্ৰত্যাৱৰ্তনৰ প্ৰমাণ-পত্র প্রদান কৰে।ইছলাম ধৰ্মী যুৱতীগৰাকীয়ে পূৰ্বৰ নাম পৰিহাৰ কৰি অনন্যা দেউৰি নামেৰে পৰিচিত হয় ৷