ছোৱাইন ফ্লু’ত আক্ৰান্ত হৈ শিশুৰ মৃত্যু

ছোৱাইন ফ্লু’ত আক্ৰান্ত হৈ শিশুৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰাক উপত্যকাত ভয়ংকৰ হৈ পৰিছে মাৰাত্মক ছোৱাইন ফ্লু’ । ৪৮ ঘণ্টাৰ ভিতৰতে ছোৱাইন ফ্লু’ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে দ্বিতীয়টো শিশুৰ। ৫ মে’ত হাইলাকান্দিত ছোৱাইন ফ্লুত আক্রান্ত হৈ ১৩মহীয়া এটি কন্যা শিশুৰ মৃত্যু ঘটাৰ পিছতেই কালি পুৱা শিলচৰ মেডিকেল কলেজ হাস্পতালত আক্রান্ত হৈ ১৩মহীয়া এটি কন্যা শিশুৰ মৃত্যু ঘটাৰ পিছতেই  শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ থকা চাৰিমহীয়া এটি কেঁচুৱাৰো একে ৰোগতে মৃত্যু হয়। হাস্পতালখনৰ সামাজিক আৰু প্ৰতিৰোধমূলক চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অজিত দে’ই জনোৱা মতে শিলচৰ চহৰৰ উত্তৰ কৃষ্ণপুৰৰ বাসিন্দা চাৰিমহীয়া কেঁচুৱাটো যোৱা ১২ এপ্রিলত নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ হাস্পতালখনত ভর্তি হৈছিল। পৰৱৰ্তীত শিশুটি ছোৱাইন ফ্লু’ত আক্রান্ত হোৱা বুলি নিশ্চিত হয় চিকিৎসক। তাৰ পিছৰে পৰা শিশুটিক সুস্থ কৰি তুলিবলৈ চিকিৎসকে আপ্রাণ চেষ্টা কৰিলেও  শিশুটিৰ মৃত্যু হয়। বর্তমানেও হাস্পতালখনত আন দুটি শিশু ছোৱাইন ফ্লুত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিগত ৫ মে’ত মৃত্যু ঘটা ১৩মহীয়া কন্যা শিশুটিৰ যোৱা ২৯ এপ্ৰিলত জ্বৰ আৰু কাহৰ উপসর্গ দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত পৰিয়ালে হাইলাকান্দিৰ এছ কে বয় অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়। কিন্তু স্বাস্থ্যৰ উন্নতি নঘটা শিশুটিক ৩০ এপ্ৰিলৰ নিশা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰিয়ালে ভর্তি কৰায়। লগে লগে চিকিৎসকে অসুস্থ শিশুটিৰ দেহৰ নমুনা আৰটিপিচিআৰ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে। ৪ মে’ৰ দিনাখন শিশুটি ছোৱাইন ফ্লু’ত আক্রান্ত হোৱাটো নিশ্চিত হয়। কিন্তু চিকিৎসকৰ পৰামৰ্শ অগ্রাহ্য কৰি পৰিয়ালে শিশুটিক যোৱা ৫ মে’ত বলপূর্বকভাৱে ঘৰলৈ নিয়াত পথতে শিশুটিৰ মৃত্যু হয়। হাস্পতালৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাই সদৰী কৰা মতে উক্ত শিশুটি হাস্পতালৰ আইচিইউত আছিল। শ্বাস-প্রশ্বাসৰ সমস্যাৰ বাবে চিকিৎসকে শিশুটিক ভেন্টিলেটৰত ৰাখিবলৈ চেষ্টা কৰিছিল যদিও পৰিয়ালৰ লোকে মান্তি নোহোৱাৰ বাবে দুর্ভাগ্যজনকভাৱে শিশুটিয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। বিগত ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ কণমানি দেবশিশুৱে ছোৱাইন ফ্লু’ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিবলগীয়া হোৱাৰ পিছতে সমগ্ৰ বৰাক উপত্যকাৰ লগতে ৰাজ্যজুৰি আতংকৰ সৃষ্টি হৈছে।