ছেল্ফি লে লে ৰে…
অসমৰ এগৰাকী কণ্ঠশিল্পী মন্টুমনি শইকীয়াৰ কণ্ঠত জনপ্ৰিয় হোৱা এই গীতৰ আঁত ধৰিয়েই আজিৰ বিষয়টো।গীতটো যুৱক যুৱতী সকলৰ লগতে বুঢ়া-মেথা,চেঙেলীয়া সকলোৰে বাবে বৰ প্ৰিয় আৰু আনন্দকৰ।বৰ্তমান সময়ত যেন ছেল্ফি লোৱাটো ট্ৰেণ্ডলৈ পৰিবৰ্তন হৈছে।পিচে আমি ছেল্ফি কিয় লওঁ ! ছেল্ফি লোৱাৰ আঁৰত কি কি উদেশ্য লুকাই থাকে।হয়তু এই বিষয়ে ছেল্ফি লোৱা সৰহ সংখ্যকেই বিচাৰ নকৰে।আজি ছেল্ফিৰ আঁৰৰ কেইটামান কথাকে কবলৈ লৈছোঁ।প্ৰথমেই আমাৰ মনত প্ৰশ্ন হ’ব যে ছেল্ফি ল’বলৈ যোৱা ব্যক্তিগৰাকী কোন?নিশ্চয় তেঁও এগৰাকী বিশিষ্ট নাইবা জনপ্ৰিয় ব্যক্তি হ’ব লাগিব।সেই গৰাকী ব্যক্তিৰ সৈতে ছেল্ফি ল’বলৈ পালে নিশ্চয় আপোনাৰ ভাল লাগিব।কিয়নো অন্য সকলোৰে দৰে তেঁও আপোনাৰো প্ৰিয়।এদিন হয়তু সেই ছেল্ফিখনেই আপোনাৰ বাবে স্মৃতি ৰোমণ্ঠনৰ কাম কৰিব।হয়তু চিনাকী বহুজনক কৈ ভাল লাগিব যে এগৰাকী বিশিষ্ট বা জনপ্ৰিয় ব্যক্তিৰ সৈতে ছেল্ফি লোৱাৰ কথা।সেই ছেল্ফি ফেইচবুক,টুইটাৰ,ইন্ষ্ট্ৰাগ্ৰাম, হোৱাট্ছএপ নতুবা অন্যান্য সামাজিক মাধ্যমত ষ্টেটাছ্ লগাই আনন্দ লাভ কৰিব।বহুজনে ষ্টেটাছ্ চাই আপোনাক কব- ‘বাঃ তোৰেই দিন আৰু ডাঙৰ মানুহৰ লগত ছেল্ফি ল’ব পাৰিছ।’ সেয়াই জানো আমাৰ উদেশ্য? কিন্তু প্ৰকৃত উদেশ্য হ’ব লাগে যে আমি ছেল্ফি তুলিবলৈ হেঁতা-ওপৰা কৰা সেই ব্যক্তি সকলৰ দৰে আমিও কেনেকৈ বিশিষ্ট বা জনপ্ৰিয় হ’ব পাৰিম।তেঁওলোকৰ আদৰ্শই আমাক আকৃষ্ট কৰিব পাৰিছেনে নাই।আমি কিদৰে আগবাঢ়িলে তেঁওলোকৰ দৰে হ’ব পাৰিম।তেতিয়াটো আমাৰ লগতো এনেদৰেই ছেল্ফি তুলিবলৈ মানুহে ভিৰ কৰিব।সেই ভিৰৰ মাজত সোমাই নিজকে বিচাৰিবলৈ কাৰনো মন নাযায়।আমি কোনো উদেশ্য নোহোৱাকৈ কেৱল আনক দেখুৱাবৰ বাবেহে এনে কৰোঁ।বিশেষকৈ অসমৰ যুৱ প্ৰজন্মৰ কিমানজনে ছেল্ফি উঠাৰ পিচত সেই ব্যক্তিগৰাকীৰ দৰে মইও হ’ম বুলি প্ৰতিজ্ঞাবদ্ধ হ’য়?ই আজিৰ দিনত ডাঙৰ প্ৰশ্ন।সেয়েহে সকলোৱে লৈছে যেতিয়া মইও লঁও বুলি ভৱাতকৈ মই তেখেতৰ দৰে হ’ম বুলিহে ভাবিব লাগে।তেনে চিন্তা কৰিলেহে আমি সেই ব্যক্তি সকলৰ আদৰ্শেৰে আগবাঢ়ি জীৱন যুঁজত জয়ী হ’ব পাৰিম।
সত্যজিৎ গগৈ
নাহৰকটীয়া,ডিব্ৰুগড়