ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া বেগৰ ওজন হ্ৰাস কৰিবলৈ ডিব্ৰুগড় জিলা শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ অত্যধিক বোজা লাঘৱ কৰিবলৈ ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়াই জিলাখনৰ চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। উক্ত নিৰ্দেশনাত স্কুল বেগৰ ওজন হ্ৰাস কৰাটো বাধ্যতামূলক কৰা হৈছে। নিৰ্দেশনাত উল্লেখ কৰা মতে প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে স্কুল বেগৰ সৰ্বাধিক ওজন হব লাগিব ১.৫ কেজি মানে ডেৰ কেজি। তেনেদৰে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে স্কুল বেগৰ সৰ্বাধিক ওজন হব লাগিব ২ ৰ পৰা ৩ কেজিৰ ভিতৰত, ষষ্ঠ শ্ৰেনীৰ পৰা সপ্তম শ্ৰেণীলৈকে স্কুল বেগৰ সৰ্বাধিক ওজন হব লাগিব ৪ কেজি, অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে স্কুল বেগৰ সৰ্বাধিক ওজন হব লাগিব ৪.৫ কেজি অৰ্থাৎ চাৰে চাৰি কেজি আৰু দশম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলৰ স্কুল বেগৰ সৰ্বাধিক ওজন হব লাগিব ৫ কেজি। এই পদক্ষেপৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ কেৱল অত্যাৱশ্যকীয় সামগ্ৰীহে কঢ়িয়াই নিয়াটো নিশ্চিত কৰি তেওঁলোকৰ শাৰীৰিক সুস্থতা সুৰক্ষিত কৰা। যাৰ ফলত এক সুস্থ আৰু অধিক অনুকূল শিক্ষণ পৰিৱেশ গঢ়ি তুলিব পৰা যাব। লগতে এই নিয়ম উলংঘা কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।