ছয়গাঁওৰ পটৰীখাটত অন্তৰংগ গোষ্ঠীৰ উদ্যোগত আৰু পটৰীখাট ৰাইজ গয়ৰহ আৰু মহিলা গোষ্ঠীৰ সহযোগত গান্ধীজয়ন্তী পালন

ছয়গাঁওৰ পটৰীখাটত অন্তৰংগ গোষ্ঠীৰ উদ্যোগত আৰু পটৰীখাট ৰাইজ গয়ৰহ আৰু মহিলা গোষ্ঠীৰ সহযোগত গান্ধীজয়ন্তী পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  ছয়গাঁওৰ পটৰীখাটত অন্তৰংগ গোষ্ঠীৰ উদ্যোগত আৰু পটৰীখাট ৰাইজ গয়ৰহ আৰু মহিলা গোষ্ঠীৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে ২ অক্টোবৰ তাৰিখে গান্ধীজয়ন্তী পালন কৰা হয়।উক্ত অনুষ্ঠানত প্ৰথমতে পতাকা উত্তোলন কৰে, দীপক চৌধুৰীয়ে,বন্তি প্ৰজ্বলন কৰে ৰামচৰণ ঠাকুৰীয়াই,মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ধনীৰাম সাউদে,শ্বহীদ তৰ্পন কৰে তাৰিণীচৰণ সাউদে আৰুবৃক্ষৰোপণ কৰে ক্ৰমে শংকৰ ঠাকুৰীয়া, গনেশ ঠাকুৰীয়া, শৰৎ সাউদ,ভাৰত সাউদ, বুবুল সাউদ আৰু জ্যোতিষ সাউদে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,চিত্ৰাংকন প্ৰতিযোগিতা,সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা,ভেশচন প্ৰতিযোগিতা আদি কাৰ্যসূচীৰে শেষত মুকলি সভা অনুষ্ঠিত কৰা হয়।কুইজ প্ৰতিযোগিতাৰ পৰিচালক ক্ৰমে জিণ্টু ঠাকুৰীয়া,ডাৱৰমনি ওজা আৰু সঞ্জীৱ দাস।মুকলি সভাত অতিথিৰ ভাষণৰ লগতে প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।শিশুশিল্পীসকলে নৃত্য কৰিও অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা পটৰীখাট গাঁওৰ সঞ্জীৱ দাসৰ তৎপৰতাত ,টুটুমনি দাস,বিৰাজ সাউদকে আদি কৰি পটৰীখাটৰ বহুজন লোকৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠানটি জাকত জিলিকা হৈ পৰে।অনুষ্ঠানত সভাপতিত্ব কৰে গাঁওৰে সমাজকৰ্মী মদন চৌধুৰীয়ে, নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰাখে ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকা,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁওৰ জ্যেষ্ঠ সাংবাদিক তথা NKTV ৰ সাংবাদিক বিশ্বজিৎ দাস,বনবিষয়া দীপক চৌধুৰী আৰু অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা।শেষত অধিবক্তা সঞ্জীৱ দাসে শলাগৰ শৰাই আগবঢ়াই।