ছবিয়ে দোলা দিয়েহি
ৰাহুল কোঁৱৰ, তিনিচুকীয়া
ঈশ্বৰৰ পৃথিৱীত প্ৰকৃতি
তৰু-তৃণ আৰু ওখ ওখ পাহাৰ
পাহাৰৰ দাঁতিয়ে বৈ যোৱা জান-জুৰি,
ঠিক সেইদৰে অভিপ্ৰায় এজন স্ব অংকনৰ শিল্পী
তাৰেই হাজাৰ ছবি আঁকিব খোজে
শিল কাটি নাইবা আৰ্ট পেপাৰত
দৃঢ়তাৰে যি ছবিয়ে দোলা দিয়েহি মনত
তেওঁ বিস্ময় দাপোণত আঁকে।
ক’লা প্ৰতিভাপন্ন তেওঁ
গভীৰ সেউজীয়া বাগিছাত
সেউজীয়া পহাৰখনো এওঁ
দচুকত ভাহিব ধৰে
চৌদিশৰ ছবিয়ে ।
এখন নীলা আকাশক অনুজ কৰা নাছিল
উজ্জল পটত সানিছিল সতোটা ৰং
সেউজীয়া হৈ পৰক এই পৃথিৱী
সুমথিৰা পোহৰক গভীৰ কৰিছিল।
নৈয়ে বৈ যোৱা পথ
আৰু হিয়াভৰা জোনাক
লগত মিহলাই দিছিল ধূসৰ বৰণ
যেন এচমকা ডাৱৰ দুমাইল ওচৰত
দোলা দিয়া ছবিখন হৈছিল হৃদয়স্পৰ্শী।
ঈশ্বৰৰ পৃথিৱীত চিৰসেউজ
নিজেই অংকন কৰি তুলিল
বহু আছে তেনে ছবি
এতিয়া আঁকিম এনে পৃথিৱী
য’ত দোলা দিবহি ঈশ্বৰৰ স্থান।