ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ’ব শংকৰদেৱৰ নামত এখন আসন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যবাসীৰ বাবে ভাল খবৰ।ছত্তীশগড়ৰ বিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন। এই সন্দৰ্ভত ৰাজ্যখনৰ ৰাজ্যপাল ৰমেন ডেকাই কয় যে, ৰায়পুৰস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰা হৈছে।কেৱল সেয়াই নহয়, ইয়াৰ বাবে বাজেটত ধায্য কৰা হৈছে ২ কোটি টকা। তাৰোপৰি ৰাজ্যখনৰ সৈতে অসমৰ সাংস্কৃতিক বিনিময়ৰ সন্দৰ্ভতো পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যপালগৰাকীয়ে।  উল্লেখ্য যে, ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পাছতেই ৰমেন ডেকাই অসমৰ সৈতে ৰাজ্যখনৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছিল। তেওঁ ঐতিহাসিকভাৱে এই দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰিছিল। সেই কথাকেই পুনৰ এবাৰ দোহাৰি ৰমেন ডেকাই গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি এই ভাল খবৰ দিছে। গুৱাহাটীৰ ছাত্ৰীবাৰীত থকা ৰমেন ডেকাৰ বাসভৱনত এক সংবাদ মেল সম্বোধন কৰি ৰমেন ডেকাই কয় যে, ইংৰাজ শাসনকালৰ পৰাই ছত্তীশগড়ৰ সৈতে অসমৰ এটা সু-সম্পৰ্ক আছে। কিছুদিন পূৰ্বে অসম ছাত্ৰ সন্মিলনৰ এখন সভাত অসম আৰু ছত্তীশগড়ৰ ঐতিহাসিক সংস্কৃতি ৰক্ষা কৰিবলৈ মই ৰাজভৱনৰ ফালৰ পৰা দুই লাখ টকা আগবঢ়াইছিলো। তেওঁ ৰাজ্যখনৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ আসন প্ৰতিষ্ঠাৰ সন্দৰ্ভত কয়,  ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত সংৰক্ষণ হ’ব আসন। ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত দুই কোটি টকা ধাৰ্য কৰা হৈছে। ছত্তীশগড়ৰ ৰাজ্যভাষাতে শিক্ষাৰ্থীয়ে মহাপুৰুষ জনাৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত গৱেষণা কৰিব পাৰিব। তেওঁ কয়, ৫০ বছৰ পূৰ্বে মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাৱৰ ৰাজ্যপাল হৈ থাকোতেই পাঞ্জাৱৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিছিল।তাৰ ঠিক ৫০ বছৰ পাছত এতিয়া ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা হৈছে। বিশ্ববিদ্যালয়খনে নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সময়তে এই নতুন আসনখন প্ৰতিষ্ঠা কৰা হ’ব। এনে পদক্ষেপৰ বাবে তেওঁ নিজেই এগৰাকী অসমীয়া হিচাপে গৌৰৱবোধ কৰিছে বুলিও কয় সংবাদ মেলত। ৰাজ্যপাল ৰমেণ ডেকাই অসম আৰু ছত্তীশগড়ৰ মাজৰ এই সম্পৰ্কক অধিক সুদৃঢ় কৰিবলৈ অসমত এটা ছত্তীশগড় ভৱন নিৰ্মাণৰো প্ৰস্তাৱ দিছে। এনে পদক্ষেপে দুয়োখন ৰাজ্যৰ মাজৰ একতাও সুদৃঢ় কৰিব বুলি তেওঁ বিশ্বাসী। ৰমেণ ডেকাৰ এই পদক্ষেপৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক কৃতজ্ঞতা জনাই কয় যে,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এয়া এক উল্লেখনীয় বতৰা৷ দেশৰ প্ৰেক্ষাপটত পঞ্জাৱ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পাছত ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ পদক্ষেপটিৰ বাবে ছত্তীশগড়ৰ মাননীয় ৰাজ্যপাল শ্ৰীৰমেন ডেকা ডাঙৰীয়া প্ৰমুখ্যে ছত্তীশগড় চৰকাৰলৈ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷