ছত্তীশগড়ত পথ দুৰ্ঘটনাত ১৮ জনৰ কৰুণ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ছত্তিশগড়ৰ কৱৰ্ধাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ১৮ জনকৈ লোক নিহত হৈছে। আনহাতে আহত হৈছে আন কেইবাজনো লোক। দুৰ্ঘটনাত নিহত আটাইসকল লোক আছিল শ্ৰমিক। তেওঁলোকক কঢ়িয়াই নিয়া এখন পিকআপ ভান নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হয়।আৰক্ষীয়ে জনোৱা মতে শ্ৰমিকসকলে টেণ্ডু পাত ছিঙি অৰণ্যৰ পৰা ঘৰলৈ উভতি আহিছিল । শ্ৰমিকসকলে পিকআপ বাহনেৰে ঘৰলৈ গৈ আছিল । সেই সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০ ফুট দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটো কুকদুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহপানী গাঁৱৰ সমীপত সংঘটিত হৈছিল । দুৰ্ঘটনাটোৰ পিচতে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় লোকে ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীক অৱগত কৰে । আৰক্ষীৰ এটা দল আৰু স্থানীয় লোকৰ সহায়ত আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । একে সময়তে নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । এই মৰ্মান্তিক দূৰ্ঘটনাক লৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাইয়ে শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যমত তেওঁ কয় যে কবিৰধাম জিলাৰ কুকদুৰ আৰক্ষী থানাৰ বাহপানী গাঁৱৰ দুৰ্ঘটনাক লৈ তেওঁ দুখিত । আহতসকলৰ উন্নত চিকিৎসাৰ বাবে জিলা প্ৰশাসনক তেওঁ প্ৰয়োজনীয় নিৰ্দেশনা দিছে । তেওঁ নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে । লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰো কামনা কৰে ।