ছচাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন
ৰঙিলী বাৰ্ত্তাসেৱা- আৰ্ন্তজাতিক স্তৰত শঙ্কৰী সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ বাবে কাম কৰি অহা সংস্থা ছচাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশনখন আজি নগাঁৱৰ খুটিকটিয়াস্থিত ডি, আৰ, টি হলত সংস্থাৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । শিল্পী কাকলি শইকীয়াই এটি বৰগীতেৰে আৰম্ভ কৰা উক্ত সভাখনত ছচাইটিৰ সম্পাদক মৃদু মৌচম বৰাই বিগত বৰ্ষ সমূহৰ প্ৰতিবেদন পাঠ কৰাৰ লগতে ছচাইটিয়ে বিগত সময়ছোৱাত গুৰুজনাৰ সৃষ্টি ৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা স্থায়ী কৰ্মৰাজিৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায় । তদুপৰি বিগত দুটা বৰ্ষত ছচাইটিয়ে ইকমচ আৰু ডেলফিক কাউন্সিলৰ সহযোগত অনুষ্ঠিত কৰা ৱেবিনাৰ সমূহৰ বিষয়েও অৱগত কৰে ।আনহাতে ব্ৰজাৱলী ভাষা আৰু সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণৰ বিষয়ে ছচাইটিয়ে অনুষ্ঠিত কৰা কৰ্মশালা সমূহে কিদৰে সাফল্য লাভ কৰিছিল সেই বিষয়েও বিতংভাবে জনায় ।
উক্ত সভাত পুৰণি কমিটি ভঙ্গ কৰি আগন্তক তিনি বছৰীয়া কাৰ্যকালৰ বাবে ড° সঞ্জীৱ কুমাৰ বৰকাকতীক সভাপতি, মৃদু মৌচম বৰাক সম্পাদক, প্ৰদীপ হাজৰিকাক সমন্বয়ক, জোন ৰাজখোৱাক কোষাধ্যক্ষ, ড°বুলজিৎ বুঢ়াগোহাঁইক প্ৰচাৰ সম্পাদক, ৰাজু বৰুৱাক সহকাৰী প্ৰচাৰ সম্পাদক আৰু পাপু দাসক সহকাৰী সাধাৰণ সম্পাদক হিচাপে বাচনি কৰি ২১জনীয়া সমিটিখন পুনৰ গঠন কৰা হয় । আনহাতে আগন্তক বৰ্ষত ছচাইটিয়ে মহাবিদ্যালয় সমূহৰ সৈতে যুটীয়াভাবে শঙ্কৰী সাহিত্য সংস্কৃতিৰ বিষয়ে কেতবোৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । আজিৰ সভাত ড° সঙ্গীতা বৰা, ইন্দ্ৰনীল গায়ন, ড° মধুচন্দা চলিহা, অমিতাভ বৰা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট শিক্ষাবিদ , লেখক, সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে । এই সভাতেই কেইবাগৰাকীয়েও ছচাইটিৰ আজীৱন সদস্যপদ গ্ৰহণ কৰে ।