“চৰাইচোং পক্ষী পৰ্যটন ট্যুৰিষ্ট গাইড “এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- চাৰিশ বছৰীয়া ইতিহাস সমৃদ্ধ এখন পক্ষী বিচৰণ সংৰক্ষিত ক্ষেত্ৰ মাজুলীত আছে , সেইয়া হয়তো মাজুলীৰ বহুতেই জানে আৰু বহুতেই নাজানে। এই গৌৰৱপূৰ্ণ ইতিহাস গুগল জগতত প্ৰক্ষেপ কৰিব পাৰিলে মাজুলীৰ অৰ্থনৈতিক বুনিয়াদেই সলনি হ’ব বুলি মন্তব্য কৰে আজি ২নং সদৰ গড়মূৰৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত চৰাইচোং পক্ষী পৰ্যটন ট্যুৰিষ্ট গাইড “এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠানত প্ৰধান প্ৰশিক্ষক মণজিৎ ৰিচঙে। মাজুলীৰ সাহিত্যৰ উদ্যোগত পুনৰুজ্জীৱিত কৰা ৩৯০ বছৰীয়া ইতিহাস সমৃদ্ধ সংৰক্ষিত পক্ষী নিবাস ক্ষেত্ৰ চৰাইচোঙক পক্ষী পৰ্যটন উদ্যোগলৈ আগুৱাই নিয়াৰ এক পৰিকল্পনাৰে আজি পুৱা ১০ বজাৰ পৰা গড়মূৰ সদৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণৰ উদ্বোধনী সভাখনি মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যাত সম্পাদক গোবিন কুমাৰ খাউণ্ডে কয় উজনি মাজুলীৰ ভকতিদুৱাৰ, ৰতনপুৰ, অঞ্চলত অৱস্থিত ঐতিহাসিক এই চৰাইচোং পক্ষী সংৰক্ষিত অঞ্চলটোত বিচৰণ কৰা থলুৱা আৰু পৰিভ্ৰমী পশু পক্ষীৰ লগতে ইয়াৰ প্ৰাকৃতিক প্ৰাচুৰ্য প্ৰত্যক্ষ কৰাবলৈ যাতে পৰ্যটকক আকৰ্ষণ কৰিব পৰা হয় আৰু সেইসকলৰ সন্মুখত সেইসমূহ উপস্থাপন কৰিব পাৰে তাৰেই প্ৰয়াসত উক্ত কাৰ্যসূচী হাতত লৈছে মাজুলীৰ সাহিত্যই।
মাজুলীত প্ৰথম বাৰলৈ আয়োজন কৰা এই প্ৰশিক্ষণত “চৰাইচোং পক্ষী পৰ্যটন ট্যুৰিষ্ট গাইড ” ৰূপে চৰাইচোং অঞ্চলৰ চাৰিগৰাকী আগ্ৰহী যুৱক নৃপেন খাউণ্ড, অজয় বৰুৱা ,ৰবিন খাউণ্ড আৰু বিকাশ শইকীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে। কেউজনকে মাজুলীৰ সাহিত্যৰ তৰফৰ পৰা একোখন ” চৰাইচোং পৰ্যটক গাইড” ৰূপে পৰিচয় পত্ৰ প্ৰদান কৰা হয়। সভাত মাজুলীৰ সাহিত্যৰ উপদেষ্টা যুগল হাজৰিকাই চৰাইচোং কেন্দ্ৰীক উজনি মাজুলীৰ বিশাল বৈভৱৰ বিষয়ে ব্যাখ্যা কৰে। সাংবাদিক ৰজনীকান্ত বৰদলৈয়ে চৰাইচোঙৰ সম্ভাৱনাৰ বিষয়ত বহু কেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিয়ে। সভাৰ পিছতেই আৰম্ভ হোৱা প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰে মাজুলীৰ পৰ্যটন উদ্যোগটোৰ দুগৰাকী অভিজ্ঞ ব্যক্তি মনজিৎ ৰিচং আৰু সাংবাদিক মিতু খাটনীয়াৰে। চাৰিশ বছৰীয়া সমৃদ্ধিশালী ইতিহাস থকাৰ পিছতো অন্ধকাৰত থকা সংৰক্ষিত পক্ষী আবাস ক্ষেত্ৰখন সঠিক ৰূপত প্ৰক্ষেপ কৰিব পাৰিলে ই মাজুলীৰ অৰ্থনৈতিক ৰূপেই সলাই দিব। স্বেচ্ছাসেৱী সংগঠন “মাজুলীৰ সাহিত্য” ঐতিহাসিক কাৰ্য সম্পাদন কৰিছে চৰাইচোঙক পুনৰুজ্জীৱিত কৰি প্ৰশিক্ষক মিতু খাটনীয়াৰে প্ৰসঙ্গক্ৰমে কয়। চৰকাৰে বিষয়টো গুৰুত্ব দিয়া উচিত। প্ৰশিক্ষণত মাজুলীৰ সাহিত্যৰ জ্যেষ্ঠ সদস্য যতীন মূদৈ, সহকাৰী সম্পাদক ভৱানন্দ হাজৰিকা, সাংবাদিক উৎপল কাকতি , দিব্য দত্ত , পিকু বৰা আদিয়ে অংশ গ্ৰহণ কৰে।