চেভ ভৰলুৰ সংবাদমেল, ২২ ছেপ্টেম্বৰত নদী দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সন্থা চেভ ভৰলুৱে এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে যে গুৱাহাটীৰ নাগৰিকৰ সহযোগত তেওঁলোকে বিশ্ব নদী দিৱস উদযাপন কৰিব অহা ২২ ছেপ্টেম্বৰত। উল্লেখ থাকে যে গুৱাহাটীৰ ভৰলু নৈ খনক বচোৱাৰ স্বাৰ্থত যোৱা ২০২১ বৰ্ষৰ পৰা বিভিন্ন কাৰ্যসূচীৰে বিশ্ব নদী দিৱস উৎযাপন কৰি আহিছে। এই বেলিও উদযাপনৰ অংশ হিচাপে সভাত উপস্থিত থাকিব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, হাৰগিল্লা সংৰক্ষণৰ প্ৰকৃতিবিদ ডঃ পূৰ্ণিমা দেৱী বৰ্মণ, ইতিহাসবিদ ডঃ শিলা বৰা, ভূগোল বিজ্ঞানী ডঃ অৱনী কুমাৰ ভাগৱতী আদি। এই সংবাদ মেলত সভাপতি ডঃ ৰথিন মজুমদাৰ, সহকাৰী সম্পাদিকা ৰুবি কটকী, সম্পাদক সত্যৰঞ্জন বৰুৱা, কোষধ্যক্ষ ডঃ মানৱ গোস্বামী, কাৰ্য্যকৰী সদস্য ক্ৰমে অখিল গোস্বামী, দিবাকৰ গোস্বামী, ধ্ৰুৱ শইকীয়া সহ কেবাজনো ব্যক্তি উপস্থিত থাকে।