চেন্নাইন এফচিক ৩-০ গ’লত পৰাস্ত কৰি প্লে-অফত নর্থ-ইষ্ট ইউনাইটেড এফচি
ৰঙিলী বাৰ্ত্তাসেৱা- নর্থ-ইষ্ট ইউনাইটেড এফচিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ প্লে-ফত স্থান নিশ্চিত কৰিছে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গুৰুত্বপূৰ্ণ মেচখনত প্রাক্তন চেম্পিয়ন চেন্নাইন এফচিক ৩-০ গ’লত পৰাস্ত কৰি প্লে-অফত স্থান নিশ্চিত কৰে নৰ্থ-ইষ্টে। উল্লেখ্য যে ২৩খন মেচ খেলি ৩৫ পইন্ট লাভ কৰা নৰ্থ-ইষ্ট ইউনাইটেডে ৮ মার্চত শ্বিলঙত ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে নিজৰ অন্তিম লীগৰ মেচখন খেলিব যদিও সেয়া দলটোৰ বাবে কাৰ্যতঃ গুৰুত্বহীন হৈ পৰিল। নর্থ-ইষ্ট ইউনাইটেডৰ যোগ্যতাৰ লগে লগে পাঁচটা দলে চলিত আইএছএলৰ প্লে-অফত প্ৰৱেশ কৰিলে। মেৰিনাৰ পাৰত চমকপ্রদ খেলেৰে চেন্নাইন দলক বিধ্বস্ত কৰি লক্ষ্যত উপনীত হয় নর্থ-ইষ্ট ইউনাইটেড। খেলখনৰ প্ৰথমার্ধতে দলটোৱে ৩টাকৈ গ’ল দি অনুৰাগীক চাপ-উৎকণ্ঠাৰ পৰা মুক্ত কৰি আনন্দ কৰাৰ সুযোগ দিয়ে। খেলৰ সাত মিনিটতে আজাৰাহৰ সহায়ত নেষ্টৰে গ’ল দি নর্থ-ইষ্ট ইউনাইটেডক প্রথমে অগ্রগতি দিয়ে। ২৬ মিনিটত নর্থ-ইষ্ট ইউনাইটেডৰ অগ্রগতি ২-০লৈ বৃদ্ধি কৰে যীতিনে। এই গ’লটোত সহযোগ কৰে আজাৰায়ে। আনহাতে, মৰক্কোৰ স্ট্রাইকাৰজনে খেলৰ ৩৮ মিনিটত নিজে গ’ল দি নৰ্থ-ইষ্টক ৩-০ৰ অগ্ৰগতি দি অনুৰাগীৰ আশা পূর্ণ কৰে। এয়া আজাৰাহৰ চলিত আইএছএলত ২১সংখ্যক গ’ল।