চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত:: প্ৰতিবাদ কাৰ্য্যসূচী ঘোষণাৰ

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্বশাসন আৰু চুতীয়া ৰাজশাসনৰ কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি ( ৩০-৯-২৪) ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে।এই কাৰ্য্যসূচীত যঠেষ্ট সংখ্যক জিলা আৰু আঞ্চলিক সমিতিসমূহ বিষয়ববীয়া তথা ৰাইজে অংশগ্ৰহণ কৰি হাতে হাতে বিভিন্ন  প্ৰতিবাদী দাবী সম্বলিত প্লেকাৰ্ড লৈ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ লাগিবই, চুতীয়া জনগোষ্ঠীক স্বায়ত্বশাসন প্ৰদান কৰক, চুতীয়া ৰাজ শাসনৰ কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰক,আমাৰ দাবী মানিবই লাগিব, নৰেন্দ্ৰ মোদী হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, জনজাতিকৰণৰ  নামত প্ৰতাৰণা কৰা বন্ধ কৰক, আদি কৰি বিভিন্ন ধৰণৰ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়াই কয় যে চুতীয়া জনগোষ্ঠীয়েশজনজাতিকৰণৰ বাবে দীৰ্ঘদিন দাবী কৰি অহাৰ পাছতো বিষয়টোক লৈ চৰকাৰে কেৱল প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিভিন্ন সভাই সমিতিয়ে চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল।২০২০ বৰ্ষৰ জানুৱাৰীত অসম চৰকাৰৰ মন্ত্ৰীগোটৰ সৈতে ছয় জনগোষ্ঠীৰ সংগঠনসমূহক আলোচনাত মন্ত্ৰীগোটৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শৰ্মাই  এমাহৰ ভিতৰত মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতিদিছিল আৰু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল,কাৰ্যকৰী নহল।তেওঁ কৈয যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছত বিষয়টো একাষৰীয়া কৰা পৰিলক্ষিত হৈছে। জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰা প্ৰতিবাদত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা এলানী প্ৰতিবাদী কাৰ্যসূচীৰ দ্বিতীয়টো কাৰ্যসূচীৰ ধৰ্ণা কাৰ্যসূচী,ৰূপায়ন কৰাৰ পাছত অহা ইংৰাজী ১৪ অক্টোবৰত প্ৰতিকৃতি দাহ কাৰ্যসূচী আৰু ১৮ নৱেম্বৰত বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। ইয়াৰ পিছতো যদি চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত জিলা বন্ধ,অৰ্থনৈতিক অৱৰোধৰ দৰে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।উক্ত প্ৰতিবাদী কাৰ্যসূচী জিলা সভাপতি জিতু শইকীয়া,উপ সভাপতি ত্ৰিদিপ চুতীয়া,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৰাগ খনিকৰকে ধৰি কেইবাজনো বিষয়ববীয়াই  নেতৃত্ব প্ৰদান কৰে।কাৰ্যসূচীত ডিব্ৰুগড় জিলা চুতীয়া জাতি সন্মিলন,মহিলা সন্মিলন আৰু যুৱ সন্মিলনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ শেষত ডিব্ৰুগড় জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ দাবীসন্মিলত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।