চিৰাম উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ত নৱাগত আদৰণী ; বঁটা বিতৰণী , অভিভাৱক সভা সম্পন্ন

চিৰাম উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ত নৱাগত আদৰণী ; বঁটা বিতৰণী , অভিভাৱক সভা সম্পন্ন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি মাজুলীৰ চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি  নৱাগতৰ আদৰণী সভাৰ লগতে বঁটা বিতৰনী আৰু অভিভাৱক সভা অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি  সভাৰ প্ৰাৰম্ভনিতেই  বিদ্যালয়ৰ শিক্ষাগুৰু ,শিক্ষাৰ্থী সকলে মুল তোৰণৰ  পৰা ধুপ দীপেৰে‌ নৱাগত ছাত্ৰ-ছাত্ৰী সকলক আদৰি আনি একোটাকৈ কলম উপহাৰ দিয়ে । তাৰ পাছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ হয় মূল সভাখনি। বিদ্যালয়ৰ  অধ্যক্ষ পদুম মহন্তৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনিত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা‌ এটা সমবেত সংগীতেৰে  শুভাৰম্ভণি কৰে । সভাখনি উদ্বোধন কৰে শিক্ষক মৃদুল বৰাই । উদ্বোধনী ভাষণত   উদ্বোধকে ছাত্র ছাত্ৰী সকলক শৈক্ষিক দিশৰ ওপৰত আলোকপাত  কৰি সকলো শিক্ষাৰ্থীক ভৱিষ্যতৰ একো একোজন সু-নাগৰিক হোৱাৰ ক্ষেত্ৰত যত্নপৰ হ’বলৈ আহ্বান জনায় ।  অনুষ্ঠানত সদ্য ঘোষিত   হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে  বিদ্যালয়খনিৰ পৰা উত্তীৰ্ণ হোৱা  ছাত্ৰ-ছাত্ৰী সকলৰ তালিকা ঘোষণা কৰে। উচ্চ মাধ্যমিক শাখাত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা  প্ৰজ্ঞাশ্ৰী মহন্ত, হীমাশ্ৰী শইকীয়া, কৃষ্ণকমল বৰা, প্ৰণীতা নেওগক সম্বৰ্ধনা পত্ৰ আৰু একোটিকৈ কলম প্ৰদানেৰে সম্বৰ্ধনা জনাই। একেদৰেই  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত পৰী ৰাজখোৱাই দুটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগ আৰু গীতুমনি শইকীয়াই  প্ৰথম বিভাগ লাভ কৰি  বিদ্যালয়খনিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে দুয়োকে  অভিনন্দন পত্ৰ প্ৰদান কৰে। ইয়াৰ পাছতে আৰম্ভ হয় বিদ্যালয়ৰ বঁটা বিতৰণী অনুষ্ঠান । উক্ত বঁটা বিতৰনী অনুষ্ঠানটিৰ আঁত ধৰে পল্লৱী মৰাণে আৰু সহযোগ কৰে শ্যামলী গোস্বামী, দীপ্তি ডেকা, শিখামনি মহন্ত, গুণেশ্বৰী বৰায়ে। বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ কপিল বৰা, কৃষ্ণালী খাউণ্ড, তুলিকা দাস আদি ছাত্ৰ-ছাত্ৰী কেইজনক মেডেল আৰু মানপত্ৰ প্ৰদানেৰে পুৰস্কৃত কৰে । অনুষ্ঠানত শৈক্ষিক বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা লাভ কৰে সুৰজিৎ দত্তই। আমন্ত্ৰিত অতিথিৰ শিতানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীনাৰাম বৰাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে । অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থী  তনুশ্যাম হাজৰিকা, অনন্ত জ্যোতি বৰাই পৰিবেশন কৰা বাঁহী বাদন আৰু নেগেৰা বাদনে, হিৰামণি বৰুৱা ,পল্লৱী ৰাজখোৱা , ৰিকুমণি ৰাজখোৱাই পৰিবেশন কৰা আধুনিক নৃত্যই সকলোকে আপ্লুত কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।  অনুষ্ঠানত অভিভাৱকৰ তৰফৰ পৰা মুন বৰা, জোনমণি শইকীয়া আদিয়ে বক্তব্য ৰাখে । অধ্যক্ষ পদুম মহন্তই সভাপতিৰ ভাষণ প্ৰদান কৰাৰ পাছতেই শলাগৰ শৰাই আগবঢ়াই জ্যেষ্ঠ শিক্ষক প্ৰভুনাথ ভগতে । অনুষ্ঠানৰ শেষত সকলোৱে জাতীয় সংগীত পৰিবেশনেৰে সভা ভঙ্গ ঘোষণা কৰে ।