চিলা
ইভা গন্ধীয়া ফুকন
বিশাল নীলিম আকাশত
মেঘৰঞ্জনাৰ আঁৰে আঁৰে
শৈশৱৰ ৰোমাঞ্চকৰ চিলাখন
উদং পথাৰত চিলা কটা – কটি প্ৰতিযোগিতা
কাট কাট বাওঁফালে কাট সোঁফালে কাট
ওপৰ কৰ তল কৰ
ঠিকনা বিহীন হৈ মুখ থেকেছা খাই
ঘুৰি ঘুৰি আহি বাঁহগছৰ আগত ওলমি ৰোৱা
নাচি নাচি উৰি থাকে ৰঙীন চিলা
প্ৰাণৱন্ত সোণালী শৈশৱ
চিলা উৰুৱাই মতলীয়া হোৱা চঞ্চল দুভৰিত
ধূলিয়ৰি ফাগুনৰ জিঞ্জিৰি
উঁঠ বাগৰি হাঁহিৰ ফল্গু
সমনীয়াৰ ওঁঠত চিলা উৰুৱাৰ হেঁপাহ
মাঞ্জা লগোৱা চিলা সজা
ৰং বিৰঙৰ কাগজৰ খেলা
জাগি উঠে অপ্ৰকাশ্যে এক অনুৰণন
সামৰি কলিজাৰ ব্যথা
ফাগুনৰ বা লাগি চিকুণ হেঁপাহ এটি জাগে
দুপৰৰ মোহনীয়তা আঁতৰাই
হেঁপাহে উগাৰ মাৰে
যেন ৰ’দৰ পানীত জিলমিল ৰূপালী ঢৌ
যান্ত্ৰিকতাই লৈ গ’ল দিকচৌ বনলৈ
নৱ প্ৰজন্মৰ চিলা উৰুৱাৰ
মদকতা ভৰা সোণালী শৈশৱ ।