চিনেমাই দিয়া সমৃদ্ধি
জ্যোতি খাটনিয়াৰ
চিনেমাই আমাক জীৱনৰ খবৰ দিয়ে । চিনেমাৰ যোগেদি আমি বিভিন্ন বিষয়ক স্পৰ্শ কৰিব পাৰোঁ। উপন্যাস, বা গল্প বা কবিতাৰ যোগেদি আমি যিমান মানুহক স্পৰ্শ কৰিব পাৰোঁ, চিনেমাৰ যোগেদি তাতকৈ বহু বেছি মানুহলৈ বিভিন্ন ধ্যান- ধাৰণাক আগুৱাই দিব পাৰি। চিনেমাই নিমিষতে মানুহক স্পৰ্শ কৰিব পাৰে। আৰু এই স্পৰ্শ কৰা শক্তিৰ বাবেই চিনেমাই বিভিন্ন বিশ্লেষকৰ মনোযোগ আকৰ্ষণ কৰিছে। ৰাজনৈতিক ভাৱে চিনেমাৰ ব্যাপক ব্যৱহাৰ হৈছে। বহুতৰ মতে মানুহে দুখ পাহৰিব নোৱাৰে। মানুহে দুখ পাহৰিবলৈ চিনেমা চাই। চিনেমাৰ কাম মানুহক দুখী কৰা নহয়। এই ধাৰণাটোৱে বিনোদনধৰ্মী চিনেমাক প্ৰতিফলিত কৰে। কিন্তু চিনেমাৰ যোগেদি জীৱন আৰু জগতৰ পৰিবৰ্তন সাধন যে এটা প্ৰধান কথা হ’ব পাৰে, সেয়া পুঁজিবাদৰ অগ্ৰাসনে আমাক পাহৰাই পেলাব পাৰে। আমাৰ জীৱন আৰু চিন্তাত চিনেমাৰ প্ৰভাৱ আৰু শক্তিয়ে কি কৰিব পাৰে, এই বিষয়ে প্ৰশান্ত কুমাৰ দাসৰ ‘ সমাজ- চিনেমা- যৌনতা ‘ শীৰ্ষক গ্ৰন্থখনত বিভিন্ন আলোচনা অন্তৰ্ভুক্ত হৈছে। প্ৰশান্ত কুমাৰ দাস নিজে অসমীয়া সাহিত্যৰ এজন আগশাৰীৰ গল্পকাৰ। সেইবাবে, এক সৃষ্টিশীল মনৰ মাজেৰে তেওঁ বহু চিনেমা চাইছে; ইয়াৰ সৈতে জড়িত থকা শক্তিসমূহৰো স্বৰূপক বুজাৰ মানসিকতাক বহন কৰিছে। তেওঁ আলোচনাৰূপে বাচি লোৱা বিষয়ৰ পৰিসৰ অতি বিশাল। তেওঁৰ কলমত এক দায়বদ্ধতাৰ স্পষ্ট ছবি আছে। যাৰ বাবে তেওঁ নিমিষতে মাউন্টেইন পেট্ৰলৰ দৰে চিনেমাৰ কথা ক’ব পাৰে ; প্ৰখ্যাত ইৰাণীয় চলচ্চিত্ৰকাৰ কিয়েৰ’ষ্টামি, মঞ্জুল বৰুৱাৰ অন্তৰীণ আদিৰ কথা একেলগে ক’ব পাৰে। তেওঁৰ এই গ্ৰন্থখনত পঢ়ুৱৈয়ে দুটা মৌলিক প্ৰশ্নৰ উত্তৰ বিচাৰি পাব পাৰে। এক. চিনেমাৰ গ্ৰহণযোগ্যতাৰ ভিত্তি কি? দুই. আন শিল্পৰ তুলনাত মানুহ চিনেমাৰ প্ৰতি কৌতুহলী কিয়? তাৰ এটা পোনপটীয়া উত্তৰ লেখক দাসে আমাক দিছে। বাস্তৱ পৃথিৱীৰ মাজৰ পৰা দ্বিতীয় এখন আপাতত্তঃ বাস্তৱ জগতত অৱস্থান কৰাৰ জৰিয়তে মানুহৰ যি মনঃস্তাত্বিক প্ৰক্ৰিয়া ঘটে, সেয়া উপভোগ্য হৈ উঠিব পাৰিছে বাবে চিনেমাৰ অস্তিত্ব বৰ্তি থকাটো সম্ভব হৈছে। বিভ্ৰমে কেতিয়াবা মানুহক চমকৃতও কৰে , পৰিতৃপ্তিও দিয়ে। চিনেমা চোৱা আৰু উপন্যাস এখন পঢ়াৰ মাজৰ পাৰ্থক্য লেখক দাসে অতি স্পষ্টকৈ আমাক আগত তুলি ধৰিছে। উপন্যাস এখন পৰি থাকোঁতে পঢ়ুৱৈ এজনে বিভিন্ন ধৰণৰ দৃশ্য কল্পনা কৰিব পাৰে। তেওঁ উপন্যাসৰ পাঠটো ( text) নিজেই নৱনিৰ্মাণ কৰিব পাৰে। চিনেমাত সেই সুযোগ নাই। চিনেমাই বাৰে বাৰে নিজৰ পৃথিৱীখনকেই দৰ্শকৰ ওপৰত জাপি দিয়ে। চিনেমাই নিৰ্মাণ কৰা পৃথিৱী এখনত দৰ্শকে সোমাই গৈ একো কৰিব নোৱাৰে। বৰঞ্চ চিনেমাখনেহে দৰ্শকৰ মন মগজুলৈ সোমাই আহি তেওঁক আলোড়িত কৰে। পুঁজিবাদী এই ব্যৱস্থাটোৱে ইয়াক সূক্ষ্মভাৱে উপলব্ধি কৰে। ব্যৱস্থাটোৰ নিজৰ মতাদৰ্শন আৰু খাটি খোৱা জনক বিভিন্ন ধৰণেৰে প্ৰৰোচিত কৰাৰ বাবে চিনেমাক এক শক্তিশালী মাধ্যমৰূপে ব্যৱহাৰ কৰে। প্ৰশান্ত দাসৰ ৰচনা সমূহত চিনেমাৰ সন্মুখত দায়বদ্ধ দৰ্শকৰ ধাৰণাটো বিভিন্ন প্ৰসংগত পঢ়ুৱৈ হিচাপে আমাৰ মনলৈ আহে। চিনেমাক লৈ তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা আমাক কৈছে। প্ৰথমতে , নিৰ্ভুল বাস্তৱতাক চিনেমাই দৰ্শকৰ বাবে তুলি ধৰিব পাৰে। দ্বিতীয়তে, চিনেমাই কোনো এক নিৰ্দিষ্ট অঞ্চলৰ ভূগোল, ইতিহাস আৰু সমাজ , সংস্কৃতিক দৰ্শকৰ বাবে সংৰক্ষিত কৰি ৰাখিব পাৰে। মানুহৰ জীৱন প্ৰবাহ সম্পৰ্কত চিনেমা বহু কথা কৈ যাব পাৰে। তৃতীয়তে , চিনেমাই আমাক বিশ্ব সমাজৰ সৈতে সংযোগ কৰিব পাৰে। চতুৰ্থতে , চিনেমাই মানৱীয় প্ৰমূল্যবোধক প্ৰগাঢ় কৰে। পঞ্চমতে, জীৱন আৰু জগতৰ সম্পৰ্কে আমাৰ দৃষ্টিভংগীক প্ৰসাৰিত কৰে।
অসমীয়া পঢ়ুৱৈ আৰু চিনেমাৰ দৰ্শকৰ বাবে প্ৰশান্ত কুমাৰ দাসৰ এই গ্ৰন্থখনত অসম , ভাৰত আৰু পৃথিৱীত বিভিন্ন অঞ্চলৰ চিনেমাৰ জগতৰ আলোচনা আৰু খবৰ আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এয়ে যে তেওঁ এইবোৰ আলোচনাৰ জৰিয়তে দুটা মৌলিক কথালৈ আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। এক , চিনেমাৰ অন্তৰ্নিহিত শক্তিক বুজি উঠাৰ প্ৰয়োজনীয়তা আৰু পুঁজিবাদী ব্যৱস্থাত চিনেমাৰ দৰে শক্তিশালী মাধ্যম এটা নিৰ্দিষ্ট আদৰ্শৰ প্ৰচাৰত স্থূল বা সূক্ষ্মভাৱে জড়িত হৈ পৰাৰ কথা। দ্বিতীয়তে, চিনেমাৰ জৰিয়তে কিদৰে জীৱন আৰু জগতৰ বাবে প্ৰয়োজনীয় বিষ়সমূহক তুলি আনি তাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহক আমি বুজি উঠা ;সমাধানৰ প্ৰচেষ্টা আৰু প্ৰক্ৰিয়াৰ জন্ম দিয়াটো।
চিনেমাৰ এক ব্যাপক দাৰ্শনিক পৰিসৰ আছে। শেহতীয়াকৈ চিনেমাৰ সৈতে সম্পৰ্কিত অধ্যয়নে ( film studies) এক সুকীয়া বৌদ্ধিক মৰ্যাদা লাভ কৰিছে। ইয়াত আকৌ দুটা ভিন্ন দিশ জড়িত হৈ পৰিছে। প্ৰথম পৰ্যায়ত চিনেমা অধ্যয়নে মানুহৰ অচেতন মনৰ দিশটোক চালি জাৰি চাব খুজিছিল। কিন্তু এতিয়া সচেতনতাৰ স্তৰতেই চিনেমাৰ উপস্থিতিক চাব খোজা যায় । আমি যিমানেই চিঞৰ বাখৰ নকৰোঁ কিয়, চিনেমাৰ অৰ্থ দৰ্শকে প্ৰতিস্থা কৰে। সেইবাবে দৰ্শকক active producer of the meaning বুলি কোৱা হয়। এই কথাত সন্দেহ নাই যে সকলো সৃষ্টিশীল বিষয়ৰ দৰে চিনেমাৰ ঘটনাৰাজীও কাৰোবাৰ মূৰৰ ভিতৰত ঘটি থাকে। নিৰ্দেশক বা পৰিচালক ( director) গৰাকীয়ে তেওঁৰ মনৰ মাজৰ কথা বতৰাবোৰক এটা চাক্ষুষ মাধ্যম ( visual medium) লৈ আনে। ইয়াৰ সৈতে পৰিচালক গৰাকীৰ স্মৃতি ( memories) , তেওঁৰ আবেগ অনুভূতি ( passion) , দায়বদ্ধ মন ( committed mind ) আৰু সমীক্ষাত্মক দৃষ্টিকোণ ( critical thinking) জড়িত হৈ থাকে। তেওঁ দৰ্শকৰ সৈতে চিনেমাৰ যোগেদি এক সংযোগ স্থাপন । এই সংযোগে ভৌগোলিক পৰিসৰ আৰু সময়ৰ সীমাবদ্ধতাক অতিক্ৰম কৰিব পাৰে। ইয়াৰ উদাহৰণস্বৰূপে ইৰাণীয় পৰিচালক কীয়েৰ’ষ্টামিৰ প্ৰসংগটোকেই পুনৰ আনিব পাৰি। তেওঁৰ And Life Goes On ( ১৯৯৪) চিনেমাখনৰ আধুনিক দাৰ্শনিক চিন্তাত গভীৰ প্ৰভাৱ আছে। আধুনিক দৰ্শনৰ এজন প্ৰভাৱশীল লেখক Jean – Luc Nancy The Evidence of Film নামৰ বিখ্যাত গ্ৰন্থত কিয়েৰ’ষ্টামিৰ চিনেমাসমূহ বিস্তৃতভাৱে আলোচনা কৰিছে। এই প্ৰসংগত তেওঁ মহান দাৰ্শনিক স্পিনোজাৰো উল্লেখ কৰিছে। ফৰাছী দাৰ্শনিক নেন্সিয়ে কব খুজিছে যে কিয়েৰ’ষ্টামিৰ চিনেমাত মানুহৰ অস্তিত্ব কিবা এটা নিৰ্দিষ্ট কথা হৈ থকা নাই। ইয়াত অস্তিত্বৰ প্ৰবাহ আছে। ই কাহিনীভাগৰ মাজেৰে বৈ পৰিছে। কৰবাত এই অস্তিত্ব ৰৈ গৈছে; ই বিচ্ছিন্নও হৈছে। এই বিচ্ছিন্নতাৰ মাজেৰে ই আকৌ আগলৈ গতি কৰিছে। কিয়েৰ’ষ্টামিৰ চিনেমাত দাৰ্শনিক নেন্সিৰ মতে উপস্থিত থকা বিষয়ৰ প্ৰতি পৰিচালকগৰাকীৰ এক বিশেষ সন্মান আছে। এই সন্মানৰ বাবেই হয়তো ইৰাণীয় দেশৰ পৰিচালক হৈয়ো কিয়েৰ’ষ্টামিয়ে জাপান চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে সেই দেশৰ ছবি নিৰ্মাণ কৰিছে। উল্লেখ্য যে তেওঁ এনে আমন্ত্ৰণ ইউৰোপৰ বিভিন্ন দেশৰ পৰাও লাভ কৰিছিল।
প্ৰশান্ত কুমাৰ দাসৰ ‘ সমাজ-চিনেমা- যৌনতা’ শীৰ্ষক এই গ্ৰন্থত বিভিন্ন বিষয়ৰ সমাগম ঘটিছে। বলিউডৰ চিনেমা, পণ্য ৰূপে নাৰীৰ ব্যৱহাৰ, অসমীয়া চিনেমাৰ সংকট, দৰ্শকৰ চেতনাৰ সমৃদ্ধকৰণ আদিকে ধৰি বিভিন্ন বিষয়ৰ সন্দৰ্ভত তেওঁ সুচিন্তিত মতামত আৰু বিশ্লেষণ আমালৈ আগবঢ়াইছে। অসমীয়া ভাষাত চিনেমা সম্পৰ্কীয় কিতাপ তেনেই তাকৰ। প্ৰশান্ত কুমাৰ দাসৰ এই কিতাপখনে অসমীয়া পঢ়ুৱৈক নতুন চিন্তাৰ খোৰাক দিব। একে সময়তে এজন সংবেদনশীল গল্পকাৰ, সতৰ্ক আৰু ৰুচিবান দৰ্শক হিচাপে প্ৰশান্ত কুমাৰ দাসৰ মনৰ খবৰো আমাক জনাই যাব। চিনেমাৰ বিভিন্ন বিষয় আৰু ইয়াৰ সৈতে জড়িত দৰ্শকৰ সক্ৰিয় হৈ থকা মনটোৰ বিভিন্ন দিশ সম্পৰ্কে এই গ্ৰন্থই আমাক অৱগত কৰাব। আমি আশা কৰিম চিনেমা মানুহৰ অস্তিত্ব বা সত্তাৰ এক স্বাভাৱিক প্ৰকাশ বুলি ভাবিলে, অসমীয়া চিনেমা আকৌ তাৰ সোণালী দিনলৈ উভতি আহিব। অৱশ্যে এই কথা ঠিক যে কিতাপ পঢ়ি চিনেমা চাবলৈ যোৱা দৰ্শক পৃথিৱীত সৰহ নহয়। কিন্তু কিতাপে দৰ্শকৰ মনক এক বিশেষ সমৃদ্ধি প্ৰদান কৰিব পাৰে। চিনেমাই এই সমৃদ্ধিক সন্মান কৰিবলৈ নিশিকিলে আৰু মানুহৰ জীৱনৰ বেদনাক তুলি ধৰিব নোৱাৰিলে চিনেমাৰ অৰ্থ প্ৰাসংগিক হৈ নেথাকে। দৰ্শক আৰু পৰিচালক উভয়ৰ বাবে প্ৰশান্ত কুমাৰ দাসৰ এই সংকলনখনৰ এক তাৎপৰ্য আছে। সুখপাঠ্য এই সংকলনত তত্ত্ব আৰু তথ্যৰ অপ্ৰয়োজনীয় সমাহাৰ নাই। ই মূলতঃ লেখক দাসৰ উপলব্ধি আৰু দৰ্শক হিচাপে তেওঁৰ দীৰ্ঘদিনীয়া যাত্ৰাৰ এক সফল পৰিণতি।