চিকিৎসকৰ ব্যৱহাৰ : সৰু সৰু মানুহৰ অভিজ্ঞতা
নন্দিতা চক্ৰৱৰ্তী গগৈ
চিকিৎসক জনৰ কটু কথা শুনি প্ৰতাপ শইকীয়াৰ মনটো ভেবাচেকা খাই গ’ল । হয়তো ! সি নো কিহৰ কিটো ! না শিক্ষা দীক্ষা, না টকা পইছা, না ঘৰ দুৱাৰ । চাৰিটা দশকৰ আগতেই ঘৰে ঘৰে বাতৰি কাকত বিক্ৰী কৰাৰ কামটো আৰম্ভ কৰিছিল। বিভিন্ন সমস্যাৰে জৰ্জৰিত বাবেই পঢ়া-শুনাত আগবাঢ়িব নোৱাৰি ঘৰখনক সজীৱ কৰিবলৈকে সি এইকামটো আৰম্ভ কৰিছিল । দৈনিক কাকত বিলাক পঢ়ি দেশ দুনিয়াৰ দুটা কথা শিকিবও পাৰি । তাৰ কামটোত নিচা বহা বাবেই আন কোনো কামলৈ মন নেমেলি সেইটোতে থাকি গ’ল। লাভ কম কিন্তু ভাল ভাল মানুহৰ সংগ পোৱা যায় । তাৰ সহজ সৰল মনটোৱে কথা বিলাক বৰ সহজ ভাৱেই লয় । বাতৰি কাকতৰ লগতে আলোচনীও বিক্ৰী কৰিবলৈ লোৱা বাবে স্থায়ীকৈ সৰু দোকান এখনো আৰম্ভ কৰিছিল কেতিয়াবাই। আৰু সেই সাধাৰণ উপাৰ্জনেৰে ঘৰ সংসাৰো কৰিলে বহু দিনৰ আগতেই । দুদিন মানৰ আগৰ কথা । প্ৰ-পত্ৰ এখনত গেজেটেত অফিচাৰ এজনৰ চহী এটাৰ প্ৰয়োজন হৈছিল। শইকীয়াই বৰ বিশেষ ভবা-চিন্তা নকৰি যোৱা চাৰিটা দশকে বাতৰি কাকত দি অহা কাৰ্য্যালয়ৰ চিকিৎসকজনকে চহীটো কৰি দিবলৈ অনুৰোধ কৰিলে । শইকীয়াই যেন চিকিৎসকজনৰ জীৱনটোহে বিচাৰিলে ! চিকিৎসকজনে তেওঁৰ আপাদমস্তক লক্ষ্য কৰি নাম ধাম গতি গোত্ৰ সুধিলে । শইকীয়াই স্বভাৱসিদ্ধ নম্ৰতাৰে নিজৰ নামটো কৈ ক’লে,”ছাৰ মই যোৱা চাৰিটা দশকে আপোনালোকৰ কাৰ্য্যালয়ত কাকত, আলোচনী দি আহিছো ।” হঠাতে চিকিৎসকজনৰ মুখখন কঠোৰ হৈ পৰিল। তেওঁৰ ফুলনিত ঘাঁহ কাটি থকা মালী জনলৈ দেখুৱাই ক’লে,–”সেই মালীটো আৰু তোমাৰ মাজত কি পাৰ্থক্য আছে ? সি মোক এই কামটো কৰি দিবলৈ ক’বলৈ সাহস কৰিব পাৰিব নে ? তুমি ক’ত সাহস পালা? লৈ যোৱা তোমাৰ কাগজ ।” চিকিৎসক জনৰ কথা শুনি শইকীয়া মানুহটো লাজে অপমানে ৰঙাচিঙা পৰি গ’ল। অকলে থকা হ’লে বাৰু কোনো কথা নাছিল, সৰু মানুহ, আনৰ টান কথা শুনাৰ অভ্যাস আছে। পিছে লগত তেওঁৰ ল’ৰাটোও আছিল যে! সি অকমান হলেও পঢ়া শুনা কৰিছে । ভুৱনেশ্বৰ আই আই টিৰ পৰা বি টেক ডিগ্ৰী লৈ মাদ্ৰাজ আই আই টিত এম টেকত নাম ভৰ্তি কৰা ল’ৰাটোৱেও দেখিলে যে চিকিৎসক জনৰ ব্যৱহাৰ! শইকীয়াই চিকিৎসক জনক নমস্কাৰ জনাই ওলাই আহিল আৰু তাতে থৈ আহিল “ডাঙৰ মানুহৰ প্ৰতি ইমান দিনে মনত লৈ থকা তেওঁৰ ধাৰণাটো ।” পিছে পিছে মাদ্ৰাজ আই আই টিত এম টেক পঢ়ি থকা পুতেকজন ।
( ২ )
সোঁ ভৰিটো লেঙেৰিয়াই লেঙেৰিয়াই বয়সে তিনিকুৰিৰ ওচৰ চপা লোকজন চিকিৎসকৰ অভ্যৰ্থনা কক্ষলৈ সোমাই আহিল । আকাশী ৰঙৰ চোলা পৰিহিত লোকজনৰ ভৰিৰ এপাত হাৱাই চেন্দেলৰ পিছডোখৰৰ ক্ষয় গৈছে। তেওঁ অভ্যৰ্থনা কক্ষৰ মহিলা গৰাকীক কিবা এটা ক’লে। মহিলা গৰাকীয়ে অকমান ডাঙৰকৈয়ে ক’লে, ” নাই নাই, ইয়াত দৰদাম নকৰিব । ছাৰৰ ফিজ এহেজাৰ পঞ্চাছ টকা দি ল’লেহে তেখেতক দেখা কৰিব পাৰিব । ডাক্তৰৰ জন্ম গাঁৱৰে বুলি কোৱা আপোনাৰ দৰে মানুহ বহুত আহে । উপায় নাপাই লোকজনে জেপৰ পৰা চুঁচি মাজি এহেজাৰ পঞ্চাছ টকা মহিলা গৰাকীৰ হাতত জমা দিলে । সেয়া পাঁচশ বা দুশ টকীয়া নোট নাছিল, আছিল দহ টকা আৰু বিছটকীয়া নোটহে । এটা দুটাকৈ সাঁচি মানুহজনে চিকিৎসক জনৰ ফিজটো গোটাইছিল । কিছুসময়ৰ পাছত দীঘলীয়া নিদান-পত্ৰ খন লৈ লোকজন ওলাই আহিছিল । তেওঁৰ এতিয়া চিন্তা– কি অসুখ হৈছে সেয়া পৰীক্ষা কৰা নহয়, তাতকৈ ডাঙৰ চিন্তা হ’ল মেজিকত উঠি ঘৰলৈ যাবলৈ টকা ত্ৰিছটা সন্ধিয়া কালত এতিয়া ক’ত পায় !
(৩)
প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চাকৰিটো সৌৰভে এৰি দিলে । কিন্তু তাৰ নিজাকৈ উপাৰ্জন নহ’লেও নহয়। ঘৰখনৰ অৱস্থা বৰ দুখ লগা। সেয়েহে দশম শ্ৰেণীত পিয়েৰলেছৰ এজেণ্ট কৰাৰ অভিজ্ঞতাৰে সি তাৎক্ষণিক ভাৱে দুটকা উপাৰ্জনৰ বাবে ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তা কামটো ল’লে । বীমা আঁচনি বিক্ৰী কঁৰোতে বয়সভেদে কেতিয়াবা বীমাকাৰীৰ সু-স্বাস্থ্যৰ প্ৰমাণ পত্ৰ এখনৰো প্ৰয়োজন হয় আৰু তাৰবাবে নিগমে নিয়োগকৰা চিকিৎসকৰ পৰা তেনে প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিব লাগে । কামটোত মুৰ সুমুৱায়ো সৌৰভে সুখ পোৱা নাই । তথাপি তেনে প্ৰমাণ পত্ৰ এখন আনিবলৈকে সি দুপৰীয়া চিকিৎসক এজনৰ ভাৰা ঘৰটোত উপস্থিত হ’লগৈ । সপ্তাহ জুৰি হোৱা বৰষুণে বাটপথ বোকাময় কৰি পেলাইছে । দুপৰীয়া সময় ।সৌৰভে চাইকেলখন জপনাৰ বাহিৰতে থৈ “ছাৰ আছেনে ঘৰত” বুলি মাত লগালে । চিকিৎসকজন ওলাই আহি নতুন মুখৰ ল’ৰাটো দেখি ভিতৰলৈ মাতি নি যোৱাৰ উদ্দেশ্য সুধি তৎক্ষণাৎ কামটো কৰি চা-চিনাকি হ’ল। কামটো হ’ল যেতিয়া আৰু ৰৈ থকাৰ প্ৰয়োজন নাই । সেয়েহে সি “ছাৰ মই যাওঁ” বুলি ক’বলৈহে পালে , চিকিৎসক জনে ধমক দিয়াৰ সুৰতে ক’লে, ক’ত যোৱা , বহা। তোমাৰ যিটো কাম ক’তো চাগে চাহ অকনো খাবলৈ পোৱা নাই, ঘৰৰ পৰাও চাগে কেতিয়া আহিছিলা ঠিক নাই। তাৰ পাছত তেওঁ ভিতৰৰ ফালে চাই মাত লগালে, হেৰা, শুনিছানে, আলহী ল’ৰা এজন আহিছেহে। তুমি কি আছে চাহ জলপান দিয়া । ক্ষন্তেক পাছতে পৰিবাৰ চাহ আৰু চিৰা দৈৰ জলপান এবাটি লৈ ভিতৰৰ পৰা ওলাই আহিল । পাছত সৌৰভে গম পাইছিল , চিকিৎসকৰ পৰিবাৰ এখন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ।
সেই ঘটনাটোৰ ২৩ বছৰৰ পাছৰ কথা । সপোনৰ চাকৰিৰ বিপৰীত মেৰুত থাকি সৌৰভে মাথো জেপ খৰচৰ বাবে আৰম্ভ কৰা কামটোতে জীৱন যাপন কৰিব লগা হ’ল। এইবাৰ তাক চালকৰ প্ৰমাণ পত্ৰখনৰ বাবে চিকিৎসকৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন হ’ল। সি চৰকাৰী চিকিৎসালয় খনলৈ সোমাই গ’ল। হঠাতে সি দেখিলে ২৩ বছৰৰ আগতেই প্ৰথমবাৰৰ বাবে লগ পাওঁতেই চাহ জলপান খুৱাই পঠোৱা সেই চিকিৎসক গৰাকী । সি ছাৰ বুলি মাত লগাই নিজৰ পৰিচয়টো দি তাৰ প্ৰয়োজনীয়তাটোৰ কথাও ক’লে। আহা বুলি হাতত ধৰি তাক চিকিৎসক কক্ষলৈ লৈ গৈ পৰীক্ষা কৰি প্ৰমাণ পত্ৰখন দিলে । সি কিবা দিব লাগিব নেকি সুধিবলৈ হে পালে (এইবিলাক কামত পইছা লোৱাটো এক অলিখিত নিয়ম), তেওঁ গৰগৰাই উঠিল,”তুমি ঘৰৰ মানুহ আৰু মই তোমাৰ পৰা পইছা ল’ম ! কি কথা সুধিছা?” তেইছ বছৰৰ আগতে অকণমান সময়ৰ বাবে লগ পোৱা সৌৰভ তেওঁৰ বাবে এতিয়াও ঘৰৰ ল’ৰা হৈয়ে আছে !
(৪)
পৰাগ শইকীয়াৰ ঘৰখন কিছুদিনৰ পৰা আনন্দমূখৰ হৈ আছে । অলপদিনৰ পাছতে তেওঁলোকৰ সংসাৰলৈ দ্বিতীয় সন্তানটিৰ আগমন ঘটিব । মাজে সময়ে শইকীয়া দম্পতিয়ে চিকিৎসকৰ পৰামৰ্শ লৈ আহিছে । সিদিনাও তেওঁলোক চিকিৎসকৰ ওচৰলৈ গৈছিল । চিকিৎসকে শইকীয়াৰ পৰিবাৰক চাই চিতি ক’লে,” আপোনাৰ গৰ্ভস্থ সন্তানটিৰ “হৃদস্পন্দন” কম যেন লাগিছে । সেয়ে আপুনি আজিয়েই আলট্টাচাউণ্ড পৰীক্ষা এটা কৰিব লাগিব। শইকীয়াইতো কিবা পৰীক্ষা কৰিবলগীয়াকৈ ইমান টকা লৈ যোৱা নাই! সেয়ে তেওঁ চিকিৎসকক ক’লে, “হ’ব বাৰু, কাইলৈ বা পৰহিলৈ যি দিনাই সুবিধা হয়, পৰীক্ষাটো কৰাই আপোনাক জনাম ।” চিকিৎসকে চাগে শইকীয়াৰ অৰ্থনৈতিক অৱস্থাটো বুজি পাইছিল। সেয়ে ক’লে,”নহয় শইকীয়া, আপুনি আজিয়েই কৰাওক, খৰচটো মোৰ পৰা লৈ যাওঁক, পাছত কেতিয়াবা মোক দিব বাৰু ।” এইবুলি কৈ প্ৰায় অচিনাকি চিকিৎসক জনে শইকীয়াৰ হাতত টকা ছশ তুলি দিলে ।
বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ মানুহ । কোনোবা জনে হয়তো গাঁও সম্বন্ধীয় লোক জনৰ পৰাও পইছা ল’বলৈ কুণ্ঠাবোধ নকৰে, কোনোবাই আকৌ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগীক উপযাচি চিকিৎসাৰ বাবে পইছা দিয়ে । কোনোবাজন চিকিৎসকে সাধাৰণ মানুহে চহী এটা বিচাৰি গ’লে কটু কথা শুনায় আৰু কোনোৱে চাহ জলপান খুৱাই পঠায় ।
একাংশ চিকিৎসকৰ কুকৰ্মৰ বাবেই সকলো চিকিৎসককে দোষ দিব নালাগে । এতিয়াও এনে বহু চিকিৎসক আছে যি ফ’ন কৰি সমস্যাটোৰ কথা ক’লেই যিমান পাৰে সহায় কৰিবলৈ যত্ন কৰে । দেৰগাঁৱৰ ডা০ ৰণজিত হাজৰিকা, নলবাৰীৰ ডা০ মাধৱ চন্দ্ৰ ৰাজবংশী, তেজপুৰৰ ডা০ সৌৰভ কুমাৰ ভূঞা, ডিব্ৰুগড়ৰ ডা০ কুঞ্জন শইকীয়া আদি চিকিৎসক সকলৰ নাম বহুতে শ্ৰদ্ধাৰে লয় । আমাৰ সমাজত যিমানেই এওঁলোকৰ দৰে চিকিৎসকৰ সংখ্যা বৃদ্ধি পাব, সিমানেই মংগল । সকলো ৰোগৰ উপশম কোনো চিকিৎসকে কৰিব নোৱাৰে কিন্তু সকলো চিকিৎসকে যন্ত্ৰণাকাতৰ ৰোগীক এষাৰি মিঠা মাতেৰে মানসিক শক্তি আৰু শান্তি নিশ্চয় দিব পাৰে ।