চাৰিকড়ীয়াৰ স্নেপশ্বট-ডাঃ কুমুদ নাথ

মোৰ প্ৰিয় গদ্য লেখক প্ৰয়াত হোমেন বৰগোহাঞি দেৱ আৰু ঢকুৱাখনাক ছুই বোৱা চাৰিকড়ীয়া নৈ যেন ‘ ইটিক’ এৰি থাকিব নোৱৰা ‘আনটো’! দুয়োটা নামৰ সৈতে মোৰ পৰিচয় প্ৰায় অৰ্দ্ধ শতিকাৰো অধিক কালৰ আগৰ! প্ৰয়াত বৰগোহাঞি দেৱক বাস্তৱত মই এবাৰো লগ নেপালেও, চাৰিকড়ীয়াক পালো যোৱা 26 জানুৱাৰী’2024 এটি ফৰকাল মনোমোহা আবেলিত! মোক বাট দেখুৱাই নিয়া সোদৰোপম নৰেন্দ্ৰ (নৰেন্দ্ৰ নাথ দত্ত, ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক)ক এই আপাহতে ধন্যবাদ এটি দি থলো। সেই নিশাই চাৰিকড়ীয়া ৰ পাৰে পাৰে ,সৰিয়হ তলিৰ মাজে খোজ কাঢ়ি গৈ থাকোতে অনুভৱ হৈছিল—

চাৰিকড়ীয়াৰ স্নেপশ্বট

সিদিনাৰ ৰান্ধনি ৰ’দত
চাৰিকড়ীয়াৰ তিনিহাত
পানীৰ তলৰ
‘নীলাভ পানীৰ দাপোনত’
দেখিছিলো ‘বাপুকণ ‘ৰ
মুখৰ ছৱি !
চমক তে উৰিযোৱা এজাক
বালিঘোঁৰা আৰু তপস্যী
শামূকখোলাৰ পাখিৰ কোবত
শান্ত চাৰিকড়ীয়াৰ পানীৰ মৃদু
লহৰত নাচিছিল যেন
‘বাপুকণ ‘ৰ কলমটো!
আৰু, তালে তালে হালি-জালি
আছিল সিঁহৰ ভৰত দো-খাই পৰা সৰিয়হনিৰ এখন
হালধীয়া সাগৰ!!

ডাঃ কুমুদ নাথ
যোৰহাট