চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বাবে এক ঐতিহাসিক দিন ।সৰুসজাই ক্রীড়া প্রকল্পত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি কয় যে প্রায় ২০০ বছৰ পূৰ্বে জীৱিকাৰ তাগিদাত বিহাৰ, পশ্চিমবংগ, ওড়িশা, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এচাম উদ্যমী, কর্মঠ ভাৰতীয়ৰ পৱিত্ৰ অসমভূমিলৈ আগমন হৈছিল। এইসকল লোকে অসমলৈ আহি অসমকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি সময়ৰ সোঁতত হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ প্ৰসাৰত তেওঁলোকে মূল ভূমিকা লৈ দুশ বছৰ আগেয়ে অসমত উদ্যোগীকৰণৰ এক বিশাল ভেটি নির্মাণ কৰিলে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অমূল্য অৱদান আগবঢ়াই কলা-সংস্কৃতি, ৰীতি-নীতিৰে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে। কালক্ৰমত তেওঁলোকে চাহ জনগোষ্ঠী, আদিবাসী হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ দুশ বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্রয়াস হিচাপে আজি এই ঝুমুৰ প্ৰদৰ্শন কৰা হৈছে। ৮,৮০০ৰো অধিক যুৱক-যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠী লোকৰ ঝুমুৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আমি গৌৰৱেৰে সৈতে মনত পেলাওঁ অসমৰ সংস্কৃতি আৰু কলা-কৃষ্টিলৈ অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকৰ সমৃদ্ধ বৰঙণি আছে। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমৰ চাহ বাগিচাৰ লোকসকলে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা-কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। এই ঝুমুৰ প্ৰদৰ্শন অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীৰ কৃতজ্ঞতা। অসমৰ ৩ কোটি ৫০ লাখ লোকৰ হৈ মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ বাবে তৃতীয় আৰু চতুৰ্থবৰ্গৰ চৰকাৰী চাকৰিৰ ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। সেইদৰে চাহ বাগিচাত হাইস্কুল নির্মাণ, তিনিখনতকৈ অধিক আয়ুস্মান আৰোগ্য মন্দিৰৰ ব্যৱস্থা কৰিছে। চাহ বাগিচাৰ লাইনত কাম কৰা প্ৰতিগৰাকী লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰে। আনহাতে ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্রী ড° শৰ্মাই তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত আজি নৰেন্দ্ৰ মোদী প্ৰথমবাৰলৈ অসমলৈ অহাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীক অসমবাসী ৰাইজৰ হৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে তৃতীয়টো কার্যকালত অসমৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মোদীৰ প্রচেষ্টাৰ বাবেই চৰাইদেউ মৈদামক ইউনেস্ক’ৱে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্রদান কৰে। সেইদৰে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰিলে। নামৰূপ সাৰ কাৰখানাৰ সম্প্ৰসাৰণ নোহোৱাত যি সময়ত সাৰ কাৰখানাটো বন্ধ হোৱাৰ উপক্ৰম হৈছিল, প্রধানমন্ত্রী মোদীয়ে এইবাৰ বাজেটত সাৰ কাৰখানাটোৰ উৎপাদন ক্ষমতা ১২ লাখ মেট্রিকটনলৈ বৃদ্ধি কৰিব বুলি ঘোষণা কৰি পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা কৰিছে। মাত্র কিছুদিনৰ ভিতৰতে প্রধানমন্ত্রী মোদীয়ে অসমৰ বাবে এই তিনিটা বৃহৎ কাম কৰিব। আগন্তুক দিনতো প্রধানমন্ত্রী মোদীয়ে অসমবাসীক গর্বিত হোৱাৰ সুবিধা প্ৰদান কৰিব বুলি ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে