চামগুৰিত বিধায়ক জিতু গোস্বামীৰ বাহনলৈ গুলীচালনা

চামগুৰিত বিধায়ক জিতু গোস্বামীৰ বাহনলৈ গুলীচালনা

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰমাৎ বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক হিংসা । শনিবাৰে নিশাও চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হয় গুলীচলানাৰ দৰে ঘটনা । সমষ্টিটোত নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে  বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীক দুর্বৃত্তই গুলীয়াই হত্যাৰ চেষ্টা চলায়। অৱশ্যে সৌভাগ্যক্রমে বিধায়ক গোস্বামীৰ প্ৰাণৰক্ষা পৰে। বিজেপিয়ে এই আক্ৰমণৰ ঘটনাত কংগ্রেছী গুণ্ডা জড়িত থকাৰ অভিযোগ কৰিছে। উল্লেখ্য যে চামগুৰিত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা বিধায়ক জিতু গোস্বামীয়ে যোৱা নিশা ভাটিয়াখালী পঞ্চায়তৰ মৰিপুঠিখাইতীত নির্বাচনী প্ৰচাৰ চলাবলৈ আহি আছিল। নিজৰ মহিন্দ্ৰা স্কৰপিঅ’ এন বাহনেৰে বিজেপি নেতা সুৰেশ বড়া আৰু মজিবুৰ ৰহমানৰে প্ৰচাৰ চলাবলৈ আহি থকা অৱস্থাতে মৰিপুঠিখাইতীত ইছমাইল হুছেইন নামৰ লোকজনৰ ঘৰ পোৱাৰ সময়তে একাংশ দুর্বৃত্তই ঘৰটোৰ পৰা প্ৰথমতে শিল, ইটাৰে আক্ৰমণ আৰম্ভ কৰে। তাৰ পাছতে বিধায়ক জিতু গোস্বামীৰ বাহনলৈ লক্ষ্য কৰি তিনিজাঁই গুলীবর্ষণ কৰে। দুর্বৃত্তই চলোৱা শিল আৰু ইটাৰ আক্ৰমণত অজয় সিং নামৰ এজন বিজেপি কৰ্মীয়ে মূৰত আঘাত পোৱাৰ লগতে বিধায়ক জিতু গোস্বামীৰ এজন পিএছঅ’ আঘাতপ্রাপ্ত হয়। গুৰুতৰভাৱে আহত অজয় সিঙক ইতিমধ্যে নগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। স্বাভাৱিকতে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপি বিধায়ক জিতু গোস্বামীক হত্যাৰ চেষ্টাৰে কংগ্রেছী গুণ্ডাই গুলীচালনা কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পিছত বিধায়ক জিতু গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত ঘটনাৰ বৰ্ণনা দি কয় যে তেওঁলোক মাগুৰমাৰীৰ পৰা ভাটিয়াখালি পঞ্চায়তৰ মৰিপুঠিখাইতীত উপস্থিত হোৱাৰ সময়তে ইছমাইল হুছেইন নামৰ লোকজনৰ ঘৰৰ সন্মুখতে আক্ৰমণৰ ঘটনা সংঘটিত হয়। যোৱা কিছুদিনৰ পৰা ইছমাইল হুছেইনৰ ঘৰত একাংশ লোকে বাহৰ পাতি আছে। ইছমাইল হুছেইনৰ ঘৰৰ পৰাই শিল, ইটাৰে আক্ৰমণ চলোৱাৰ লগতে তেওঁৰ গাড়ীতো গুলীবর্ষণ কৰা হয়। ঘটনাৰ পাছতে অঞ্চলটোত তীব্র হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষককে ধৰি শীর্ষ আৰক্ষী বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। চাৰি দিন পূৰ্বে অগপৰ নেতা এজনকো ইছমাইল হুছেইনৰ ঘৰৰ সন্মুখতে আক্ৰমণ কৰা হৈছিল। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ইতিমধ্যে তীব্র উত্তেজনা বিৰাজ কৰিছে। মন কৰিবলগীয়া যে চামগুৰিত নিৰ্বাচনী প্ৰচাৰৰ নামত চলা হত্যা-হিংসাৰ বাবেই কেইদিনমান পূর্বে এজন বিজেপি কার্যকৰ্তাই কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণত প্রাণপর্যন্ত হেৰুৱাবলগীয়া হৈছিল। ইপিনে, এই ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে চামগুৰিত বিধায়ক জিতু গোস্বামীৰ ওপৰত চলোৱা গুলীচালনাৰ ঘটনা অতিশয় নিন্দনীয় আৰু এয়া অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ বাবে অতি অশুভ লক্ষণ।