চানমাৰি নিৰমায় ভৱনত “জ্ঞানজ” উন্মোচন
চানমাৰি,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম লেখিকা সমাৰোহ সমিতি“ৰ অন্যতম শাখা “সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহ’ ৰ উদ্যোগত আজি চানমাৰীৰ ’নিৰাময় ভৱন’ত অনুষ্ঠিত হয় এক মননশীল অনুষ্ঠান। উল্লেখযোগ্য যে নাৰী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠাটিৰ আৰম্ভণিতে পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কৰে কামৰূপ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী কমলা উজীৰে আৰু পুষ্পাঞ্জলি নিবেদন কৰে সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ছৈয়দা আঞ্জুম আৰা হুছেইনৰ ,লগতে সভাত উপস্থিত সকলো সদস্যবৃন্দই ৷ইপিনে শাখাৰ সভানেত্ৰী ছৈয়দা আঞ্জুম আৰা হুছেইনৰ সভাপতিত্ব অনুষ্ঠিত সভাখনি বৰগীতেৰে শুভাৰম্ভ কৰে বন্দনা কলিতাই ৷ শাখাৰ সম্পাদিকা নিৰ্মিতা বৰগোহাঁইয়ে আঁত ধৰা সভাখনিত ইন্দু বৰুৱাই সম্পাদিত “জ্ঞানজ“ শীৰ্ষক নামৰ তিনিমহীয়া পত্ৰিকাখনিৰ প্ৰথম সংখ্যাটি উন্মোচন কৰে কমলা উজীৰে উক্ত অনুষ্ঠানতে উজীৰে ৰুমা ভট্টাচাৰ্যৰ কাব্যগ্ৰন্থ “সুবাসিত প্ৰেম“ উন্মোচন কৰে। নিজৰ উন্মোচনী ভাষণত উজীৰে “জ্ঞানজ“ পত্ৰিকাখনি প্ৰকাশৰ বাবে সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহ সমিতিৰ ভূয়সী প্ৰশংসা কৰে ৷লগতে কবি ৰুমা ভট্টাচাৰ্যকো কাব্যগ্ৰন্থখনিৰ বাবে শুভেচ্ছা জনায় আৰু নাৰী দিৱসৰ প্ৰাসংগিকতাৰ কথা ক’বলৈ যাওঁতে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নাৰীৰ উন্নতিৰ হকে যুঁজিবলৈ যাওঁতে কৰা আত্মত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে ৷ এই সভাতে সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহ সমিতিয়ে আয়োজন কৰা কবিতা প্ৰতিযোগিতাত প্ৰথম ,দ্বিতীয় ,তৃতীয় আৰু পৰিচালকৰ বিশেষ বঁটা বিজেতা ক্ৰমে মেঘালী বৰা , গীতাঞ্জলি শৰ্মা ,মধুস্মিতা বৰা আৰু ৰঞ্জুশ্ৰী বৰ্মনক বঁটা প্ৰদান কৰা হয় ৷ কল্পনা দেৱী আৰু তেওঁৰ কণমানি কন্যা প্ৰেৰণা ভৰদ্বাজে হোলী গীত পৰিবেশন কৰি আজিৰ অনুষ্ঠানটি সজীৱ কৰি তোলে।