চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীক অতিৰিক্ত ১০ নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হ’বঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনৰ অহা ৭ মে’ত ভোটগ্রহণ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰকাৰ্য আৰম্ভ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভাৰ ভিতৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটীত তিনিখন হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা লোকসভাৰ অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ সৰ্থেবাৰীত, কোকৰাঝাৰ লোকসভাৰ ইউপিপিএল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মানাহ বিধানসভা সমষ্টিত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মির্জাত নির্বাচনী প্ৰচাৰ চলায়। তিনিওখন নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক লাখ নিযুক্তি সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া চৰকাৰে পুনৰ ৫০ হাজাৰ নিযুক্তি আৰম্ভ কৰাৰ ঘোষণা কৰি কয় যে এইবাৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীক অগ্রাধিকাৰ প্ৰদান কৰা হ’ব। একেটা পৰিয়ালতে যাতে দুই-তিনিটাকৈ চাকৰি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীক এইবাৰ অতিৰিক্তকৈ ১০ নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব। পৰিয়ালত চৰকাৰী চাকৰিয়াল নথকা প্রার্থী সাক্ষাৎকাৰত অৱতীৰ্ণ হ’লেই অতিৰিক্ত ১০ নম্বৰকৈ লাভ কৰিব। সৰ্থেবাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰপেটা লোকসভা সমষ্টিত এইবাৰ নলবাৰী, বৰক্ষেত্ৰী, হাজো, শুৱালকুছিকে ধৰি বহু নতুন অঞ্চল অন্তর্ভুক্ত হৈছে। সেইবাবে এইবাৰ লোকসভা নির্বাচনত অগপ তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী নিশ্চিতভাৱে বিজয়ী হ’ব। ইতিমধ্যে ১০টা লোকসভা সমষ্টিৰ বাবে নির্বাচন অনুষ্ঠিত হৈছে আৰু এই নির্বাচনত বিজেপি দলে অতি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। এতিয়া বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে বিজেপি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমখনক আগুৱাই নিয়াৰ বাবে যোৱা ১০ বছৰে যিধৰণে কাম কৰিলে তাৰ কৃতজ্ঞতা হিচাপে এইবাৰ অসমৰ ৰাইজে হিয়া উজাৰি নৰেন্দ্ৰ মোদীক ভোট প্রদান কৰিছে।