চহকী চহা আজি গৃহহীন
এছ ইছলাম, শিক্ষক, বৰপেটা
চহকী চহা আজি গৃহহীন
নিচিহ্ন হ’ল স্মৃতিবোৰ
বিলীন হ’ল পাহৰণিৰ গৰ্ভত।
থানবান হ’ল সুখৰ সংসাৰ
বিধ্বংসী তাণ্ডৱ গৰাখহনীয়াৰ
স্থাৱৰ-অস্থাৱৰ সা-সম্পত্তি
বিলুপ্ত হ’ল নদীৰ গৰ্ভত।
বিদেশলৈ যায় পেটৰ তাড়ণাত
দিন হাজিৰাৰ অন্তত কেৱল
দুখ-বেদনা পায়।
পৈত্রিক সা-সম্পত্তি হেৰুৱাই
চহা আজি ভূমিহীন,
প্ৰকৃতিৰ বিপাকত অঘৰী জীৱন
চহকী চহা আজি গৃহহীন।
যি ভূমি পালে চৰ-চাপৰিত
সি মাথোঁ বালিময়
হাজাৰ বেদনা সিক্ত হৃদয়
মাথোঁ কণ্টকময।
সাজিলে পজাঁঘৰ বালিচৰত
নতুন সংসাৰ গঢ়াৰ আশাত,
বিধ্বংসী বানে উটুৱাই নিলে
ভুগিছে নৈৰাশ্যত।
জীৱ থাকিও যেন আজি মৃত
ক’ব নোৱাৰে একো
কোনে বুজিব চহাৰ জীৱন
চহকী চহা আজি গৃহহীন।