চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটত প্ৰাগ নিউজ, প্ৰতিদিনৰ জয়
ৰঙিলী বাৰ্ত্তাসেৱা- এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি -২০ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনা ২৪ মাৰ্চ, শুকুৰবাৰে প্ৰাগ নিউজ আৰু অসমীয়া প্ৰতিদিন গ্ৰুপে জয়লাভ কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে । গুৱাহাটীৰ জজ ফিল্ডত পুৱা বেয়া বতৰ আৰু আউটফিল্ড সেমেকা হৈ থকাৰ বাবে ১০ অভাৰলৈ মেচ হ্ৰাস কৰা হয় । অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই উদ্ধোধন কৰা মেচখনত প্ৰাগ নিউজে এন বি নিউজক ৯ উইকেটত পৰাস্ত কৰে । এন বি নিউজে ১০ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৮৩ ৰাণ । সতীৰ্থৰ ব্যৰ্থতাৰ মাজতে বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৩৫ টা বলত ৬৭ ৰাণত অপৰাজিত হৈ ৰয় নৱজিৎ তালুকদাৰ । বলিঙত অমিত দাসে ৪ ৰাণ ব্যয় কৰি ২ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত প্ৰাগ নিউজে মৃগাংকৰ ৪৬ আৰু অমিত দাসৰ ৩৫ ৰাণৰ সুবাদত ৬.৫ অভাৰত ১ উইকেটত ৮৫ ৰাণ কৰি বিজয়ী হয় । চাৰিটা বাউণ্ডেৰী আৰু ৭ টা বিশাল ছিক্সাৰ কোবোৱা এন বি নিউজৰ নৱজ্যোতি তালুকদাৰক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক নয়নপ্ৰতিম কুমাৰে । দিনটোৰ দ্বিতীয় মেচত ডিফেণ্ডিং চেম্পিয়ন অসমীয়া প্ৰতিদিন গ্ৰুপে ৯৪ ৰাণত পৰাস্ত কৰে এন কে টিভি দলক । মেচখন উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী দুলু আহমেদে । প্ৰতিদিনে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটত সংগ্ৰহ কৰে ১৭৬ ৰাণ । দলৰ তৌহিদ আলী তালুকদাৰে ২০ টা বলত ৪৪, ৱাছিম আহমেদে ৪০ আৰু জগজিৎ সিঙে ৩২ ৰাণ কৰে । বলিঙত জিতুমণি বৈশ্যই ৪ টা আৰু অধিনায়ক বিনয় কলিতাই ২ টা উইকেট লাভ কৰে। ইয়াৰ বিপৰীতে তৌহিদৰ বিধ্বংসী স্পেলত এন কে টিভিয়ে ১৪.১ অভাৰত ৮২ ৰাণতে ইনিংছ সামৰে । দলৰ ৰাহুল আমিনে ২১, প্ৰণৱজ্যোতি দাসে ১৬, লক্ষ্য গোহাঁয়ে ১৩ ৰাণৰ বৰঙণি যোগায় । বিজয়ী দলৰ হৈ ৪৪ ৰাণ আৰু ২৫ ৰাণৰ বিনিময়ত হেটট্ৰিকসহ ৭ টা উইকেট দখল কৰা তৌহিদ আলী তালুকদাৰক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰা হয় । আজি পুৱা ৯ বজাত, শ্বিলং প্ৰেছ ক্লাবে প্ৰাগ নিউজৰ বিৰুদ্ধে আৰু দিনৰ ১২ বজাত ডিফু প্ৰেছ ক্লাবে দূৰদৰ্শন, অসমৰ বিপক্ষে খেলিব ।