চছল যুৱক সংঘৰ ৩৯তম বাৰ্ষিক বৃহত্তৰ চছল ব’হাগী উৎসৱ সফল সামৰণি

চছল যুৱক সংঘৰ ৩৯তম বাৰ্ষিক বৃহত্তৰ চছল ব’হাগী উৎসৱ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- চছল যুৱক সংঘৰ সৌজন্যত ৩৯ সংখ্যক বাৰ্ষিক বৃহত্তৰ চছল ব’হাগী উৎসৱ ২০২৪ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰ সামৰণি পৰে। উদযাপন সমিতিৰ বিষয়-বৱীয়া সকল ক্ৰমে সভাপতি দেৱানন্দ টেৰণ , উপ-সভাপতি গোৱিন্দ তুমুং, লুটফুৰ ৰহমান , জয়ন্ত টেৰণ , ঈষাণ বড়ো , সাধাৰণ সম্পাদক মোহন টেৰণ আৰু সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ টেৰণ, সহ-সম্পাদক মনোজ কুমাৰ ৰায়, বিত্ত সম্পাদকদ্বয় জ্যোতি ৰায় আৰু সুমত বৰ্মন, সহ-সাংস্কৃতিক সম্পাদক সঞ্জয় টেৰণ তথা সমিতিৰ প্ৰতিজন সদস্যৰ অতি পৰিশ্ৰম আৰু ত্যাগৰ ফল স্বৰূপে দুয়োটি নিশাৰ অনুষ্ঠান সফল ৰূপায়ন হয়। মুখ্য পৃষ্ঠপোষকদ্বয় মুকুল শৰ্মা আৰু অমল তালুকদাৰ আদি ব্যক্তিৰ বিশেষ সহযোগিতাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান বিশেষকৈ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্যশৈলী অনুষ্ঠান, জেং বিহু, কাৰ্বি দোমাহি কিকান আদি নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত প্ৰয়াত ৰূপেশ্বৰ পাটৰ, মুকুল টেৰণ, প্ৰশান্ত ক্ৰ’ আৰু পাৰুল বৰ্মন কলিতাৰ সোঁৱৰণি মঞ্চ বন্তি প্ৰজ্বলনেৰে মুকলি কৰে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়াই । উক্ত সাংস্কৃতিক অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । প্ৰথম দিনা বিভিন্ন পৰম্পৰাগত খেল-ধেমালী, চিত্ৰাংকন প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা, মৌ-কুঁৱৰী প্ৰতিযোগিতা আৰু বিশাল সাংস্কৃতিক শোভাযাত্ৰা , বিহুৰ পতাকা উত্তোলন আদি বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰথম দিনা প্ৰয়াত সুদীপ্ত শৰ্মা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অম্বিকা প্ৰসাদ শৰ্মাই ৷ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপালী কাশ্যপ, বাণী মেধি আৰু জেকুলিন বুঢ়াগোহাঁইৰ মনপৰশা গীতে বিহুতলীত উপস্থিত পাঁচ সহস্ৰাধিক লোকক মন্ত্ৰমুগ্ধ কৰি তোলে ৷ নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত চচল যুৱ সংঘ আৰু বৃহত্তম চচল বহাগী উৎসৱ সমিতিয়ে দুইটি নিশাৰ কাৰ্যসূচীৰ সফল পৰিসমাপ্তিৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।