চচলত অৱস্থানৰত পলিটেকনিক শিক্ষকৰ কাষত অসম জাতীয় পৰিষদ

চচলত অৱস্থানৰত পলিটেকনিক শিক্ষকৰ কাষত অসম জাতীয় পৰিষদ

হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোতে অস্থায়ীভাৱে নিযুক্তি দিয়া শিক্ষকৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাটো চৰকাৰৰ দায়িত্ব: জগদীশ ভূঞা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰহস্যজনক চৰকাৰী অমানৱীয়তাৰ বলি হৈ চাকৰি হেৰুৱাবলগীয়া হোৱা পলিটেকনিক শিক্ষকসকলৰ ওচৰত থিয় হৈ সহমৰ্মিতা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদ দলে ৷ গুৱাহাটীৰ চচলত তিনি সপ্তাহ ধৰি অৱস্থান গ্ৰহণ কৰি থকা শিক্ষকসকলৰ মাজত আজি দলটোৰ এটা সজাতি গোটসহ উপস্থিত হয় দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷ তেওঁ প্ৰতিবাদৰত শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়৷উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত, ২০১৭ চনত নতুনকৈ প্ৰতিষ্ঠা কৰা ৰাজ্যৰ ১১ খন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানত তেতিয়াই নিযুক্তি পোৱা ৬৪গৰাকী শিক্ষকক বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অপ্ৰত্যাশিতভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পাছত উক্ত শিক্ষকসকলৰ সংস্থা ‘সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰৱক্তা সংস্থা’ই যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা চচলত অনিৰ্দিষ্ট কালৰ বাবে অৱস্থান গ্ৰহণ কৰি আছে ৷ ৰাজ্য চৰকাৰে উক্ত শিক্ষকসকলৰ দাবী পূৰণ কৰাৰ সলনি তেওঁলোকৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ন্যায্য বুলি কৈ, তেওঁলোকে উক্ত চাকৰি পাবলৈ হ’লে নতুনকৈ পৰীক্ষা দিব লাগিব বুলি ঘোষণা কৰাৰ ফলত শিক্ষকসকলৰ বিষয়টো জটিলতাৰ দিশলৈ গতি কৰিছে৷ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিবাদী শিক্ষকসকলৰ সৈতে কথা পাতি সাংবাদিকৰ আগত কয় যে অস্থায়ীভাৱে নিযুক্তি দিয়া শিক্ষকৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাৰ বহু উদাহৰণ আছে ৷ এইসকল শিক্ষকক যি সময়ত চাকৰি প্ৰদান কৰা হৈছিল, তেতিয়া ৰাজ্যৰ শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ গতিকে তেতিয়া তেওঁলোকক স্থায়ীভাৱে নিযুক্তি নিদি অস্থায়ী কৰি ৰখাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মায়েই লব লাগিব ৷ তেতিয়াই এওঁলোকৰ চাকৰি নিয়মীয়া কৰা হ’লে এতিয়া এই সমস্যাটোৰ সৃষ্টি নহ’লহেতেন ৷ তেতিয়াই যিহেতু এওঁলোকে পৰীক্ষা দিয়েই চাকৰি পাইছিল, গতিকে তেওঁলোকৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাটো চৰকাৰৰ দায়িত্ব ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি ভাৱি এই শিক্ষকসকলৰ ক্ষেত্ৰত অমানৱীয় আচৰণ কৰিছে সেয়া ৰহস্যজনক বুলি উল্লেখ কৰি ভূঞাই এনে আচৰণ বন্ধ কৰি উক্ত শিক্ষকসকলৰ প্ৰতি ন্যায় কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷