চক্ৰেটিছ আৰু মৃত্যু – দীপক ৰায়

চক্ৰেটিছ আৰু মৃত্যু

দীপক ৰায়, আগমনী

“পৃথিৱীত এটা মাত্ৰ মঙ্গল আছে – জ্ঞান । এটা মাত্ৰ অমঙ্গল আছে – অজ্ঞতা ।” জ্ঞানপিপাসু চক্ৰেটিছৰ নাম নজনা মানুহ হয়তো আজিৰ দিনত নাইয়েই । পশ্চিমৰ দৰ্শনৰ মূলভেটিস্বৰূপ চক্ৰেটিছৰ দৰ্শন কম – বেছি পৰিমাণে আমাৰ সকলোৰে জ্ঞাত । ‘চক্ৰেটিছ – প্লেটো‌ – এৰিষ্টটল ‘ এই ত্ৰিমূৰ্তিয়ে পশ্চিমৰ জ্ঞান সন্ধানী সমাজত এক নতুন বাট প্ৰদৰ্শন কৰি থৈ গৈছিল ,‌যি বাটেৰে আজিও পশ্চিমীয়া সভ্যতা অগ্ৰসৰ । হেমেন বৰগোহাঞিদেৱে চক্ৰেটিছৰ প্ৰসংগত তেওঁৰ এখন গ্ৰন্থ – ” মোৰ প্ৰিয় মানুহ চক্ৰেটিছ” ত উল্লেখ কৰিছিল যে – ” চক্ৰেটিছে দৰ্শনক আকাশৰ পৰা মাটিলৈ নমাই আনিছিল ।” কথাখিনিৰ তাৎপৰ্য তেখেতেই ব্যাখ্যা কৰি গৈছিল – যি সময়ত চক্ৰেটিছ গ্ৰীচত জন্মগ্ৰহণ কৰিছিল । তাৰ বহু আগৰে পৰাই সেই যুগৰ দুইমহাশক্তি গ্ৰীচ আৰু পাৰস্যৰ মাজত অবিৰাম যুদ্ধ চলি আছিল । অৱশেষত সেই যুদ্ধত গ্ৰীচৰ জয় হয় , এই জয়লাভে গ্ৰীকসকলক অধিক আত্মবিশ্বাসী কৰি তুলিছিল আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা মুক্ত হৈ তেওঁলোকে জ্ঞান চৰ্চাৰ বাবে অৱসৰ পাইছিল । আদিকালৰ পৰাই মানুহৰ চিন্তা আৰু ৰহস্য উদঘাটনৰ মূল বিষয়বস্তু আছিল ক্ৰমে ঈশ্বৰ , প্ৰকৃতি আৰু মানুহ । আজিকালি অৱশ্যে ‘ধৰ্ম’ এক নতুন সংযোজন । বিভিন্ন যুগত বিভিন্ন সভ্যতাত ইয়াৰে এটাক অধিক গুৰুত্ব দি বাকী দুটাক আপেক্ষিকভাৱে কম গুৰুত্ব প্ৰদান কৰা হৈছিল কিন্তু গ্ৰীচ দৰ্শনত ঠাই পাইছিল বিশেষকৈ প্ৰকৃতি । প্ৰকৃতিৰ ৰহস্য ভেদ কৰাটোৱেই আছিল তেওঁলোকৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য । ‌‌‌‌‌‌‌‌জ্ঞান‌ পিপাসু ছক্ৰেটিছেও জ্ঞানৰ সাধনা আৰম্ভ কৰিছিল প্ৰকৃতিৰ অধ্যয়নৰ দ্বাৰাই যেনে গ্ৰহ নক্ষত্ৰৰ অধ্যয়ণৰ দ্বাৰাই । কিন্তু এটা সময়ত তেওঁৰ কৌতূহলী দৃষ্টি আকাশৰ পৰা নামি আহিল মাটিলৈ অৰ্থাৎ মানুহলৈ । তেওঁৰ চিন্তাৰ একমাত্ৰ বিষয় হৈ পৰিল মানুহ । ডাগ্ হেমাৰশ্বল্ডৰ দৰে ছক্ৰেটিছেও উল্লেখ কৰিছিল যে সকলোতকৈ দীৰ্ঘতম ভ্ৰমণ হ’ল নিজৰ অন্তৰৰ ভিতৰলৈ কৰা ভ্ৰমণ , অৰ্থাৎ ‘আত্মানাং বিধি – নিজক জানা’ । গ্ৰীচ দেশৰ সেইসময়ৰ বিখ্যাত এপলো দেৱতাৰ মন্দিৰত সেইসময়ৰ সকলো জ্ঞান – পিপাসু মানুহে জিজ্ঞাসাৰ উত্তৰ বিচাৰি গৈছিল । এদিন ছক্ৰেটিছেও গৈ এই মন্দিৰত উপস্থিত হ’ল ; সেই মন্দিৰৰ পুৰোহিত জনে তেতিয়া প্ৰশ্ন কৰিছিল – ” তোমালোক কোন ? ইয়ালৈ কি বিচাৰি আহিছা ? ” তেতিয়া চক্ৰেটিছে উত্তৰ দিছিল – ” মোৰ নাম চক্ৰেটিছ । মোৰ ঘৰ এথেন্সত । মই কেৱল এটা কথাই জানো । সেইটো‌ হৈছে মই একোৱেই নাজানো । ” ছক্ৰেটিছৰ এই সাধাৰণ যেন লগা স্বীকাৰোক্তিটো পৰিণত হৈছে এটা অমৰ আপ্তবাক্যত‌। ছক্ৰেটিছৰ মৃত্যুয়ে ছক্ৰেটিছক আৰু অধিক স্মৰণীয় কৰি তুলিলে আৰু অমৰত্ব প্ৰদান কৰিলে । মৃত্যু কি ? আমি সাধাৰণ মানুহৰ বাবে মৃত্যু এক বিভীষিকা ।‌ কিন্তু এই বিভীষিকাময় মৃত্যুৰ সংজ্ঞা ছক্ৰেটিছৰ বাবে তেনেই সাধাৰণ আছিল । ছক্ৰেটিছৰ মতে মৃত্যু হয় মঙ্গলময় অথবা ই এক গভীৰ নিদ্ৰা মাত্ৰ আনকি স্বপ্নয়ো সেই নিদ্ৰাত ব্যাঘ্যাত ঘটাব নোৱাৰে । আনহাতে মৃত্যুৰ পিছতো যদি জীৱন আৰু পৰকাল থাকে , তেন্তে মই ইহকালত বিচৰাৰ দৰে পৰকালতো শুদ্ধ আৰু প্ৰকৃত জ্ঞান বিচাৰিৱ পাৰিম ; কোন প্ৰকৃততে জ্ঞানী আৰু কোনে জ্ঞানীৰ ভাও হে ধৰিছে সেই কথাও মই বিচাৰ কৰিৱ পাৰিম । পেল’পনেছিয়ান যুদ্ধত স্পাৰ্টাৰ হাতত এথেন্স যেতিয়া পৰাজিত হয়৷ এথেন্সৰ এই পৰাজয়ৰ একমাত্ৰ কাৰণ গণতান্ত্ৰিক শাসনব্যৱস্থা বুলি কিছুমানে প্ৰচাৰ কৰি অভিজাততন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল যদিও ই বেছিদিন স্থায়ী নহ’ল গণতন্ত্ৰৰ সমৰ্থকসকলে ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু অভিজাততন্ত্ৰৰ নেতা ক্ৰিটিয়াছৰ মৃত্যুৰ পিছত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হয় । নতুন শাসকসকলে থিৰাং কৰিলে যে গণতন্ত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ বাবে এজন লোকে শাস্তি পাৱ লাগিৱ আৰু এই বাছনিত নাম আহিল ছক্ৰেটিছৰ কাৰণ ক্ৰিটিয়াছ ছক্ৰেটিছৰ শিষ্য আছিল কিন্তু এয়া সঁচা যে ক্ৰিটিয়াছ আৰু ছক্ৰেটিছৰ খুব ভাল এটা সম্পৰ্ক নাছিল। ছক্ৰেটিছক প্ৰাণদণ্ড দিয়া হ’ল ।‌ যিহেতু গ্ৰীচত ফাঁচি দিয়াৰ বিধি নাছিল সেয়েহে হেমলক নামৰ এক কালান্তক বিষ পান কৰাই তেওঁক মৃত্যু দিয়া হৈছিল । জনসভাত ক্ষমা খুজিলে তেওঁ হয়তো প্ৰাণদণ্ডৰ পৰা নিস্তাৰ পালে হয় কিন্তু তেওঁ তেনে কৰা নাছিল । মৃত্যুৰ আগে আগে তেওঁ মাথো কৈ গৈছিল – ” ক্ৰিটো , মই এছক্লিপোছিয়াছৰ পৰা এটা কুকুৰা ধাৰলৈ আনিছিলো , তেওঁৰ প্ৰাপ্য ধনখিনি পৰিশোধ কৰিৱা । এয়াই আছিল তেওঁৰ অন্তিম কথা । এনেকৈ সামৰণি পৰিছিল দৰ্শনৰ এক উজ্জ্বল নক্ষত্ৰৰ । তেওঁৱেই হ’ল দৰ্শনৰ প্ৰথম ছহিদ। ছক্ৰেটিছে মানুহক প্ৰশ্ন কৰিবলৈ শিকাইছিল। মানুহৰ কাম হ’ল প্ৰশ্ন সোধা আৰু উত্তৰ বিচৰা । তেখেতে সততে কৈছিল – “জীৱনটো যদি পৰীক্ষা কৰি চোৱা নহয় তেন্তে জীৱন জীয়াই থকাৰ যোগ্য নহয় ।”