চকুৰ আগতে পত্নী আৰু ১৩মহীয়া কন্যাৰ কৰুণ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰৰ বৰখলাত কৰুণ ঘটনা।নিয়ন্ত্রণ হেৰাই বৰাক নদীত পৰিল এল্টো বাহন। জানিব পৰা মতে মঙলবাৰে কাছাৰ জিলাৰ বৰখলাৰ বুৰিবাইলৰ বাসিন্দা ৰইচ উদ্দীনে পত্নী আৰু ১৩ মহীয়া কেঁচুৱা কন্যাৰ সৈতে এল্টো গাড়ীৰে শিলচৰলৈ গৈছিল চিকিৎসকক দেখুৱাবলৈ। চিকিৎসক দেখুৱাই ঘৰলৈ অহা বাটত ৰায়পুৰত নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত ডুব যায় এল্টো বাহনখন। গাড়ীৰ গ্লাছ ভাঙি স্বামী ৰইচ উদ্দীন ওলাই আহে যদিও পত্নী আৰু ১৩ মহীয়া কেঁচুৱা কন্যা বাহনৰ সৈতে নদীত বুৰ যায়। পিছত ৰইচ উদ্দীনৰ চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজে সাৰ পাই ওলাই আহে যদিও গাড়ীখন দেখা পোৱা নাই। স্থানীয় লোকে ৰইচক শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ আৰক্ষীৰ দল উপস্থিত হয়। । নিশাটো এছডিআৰ এফ আৰু এনডিআৰএফ অভিযান চলায়। কিন্তু নিশা কোনো সন্ধান নাপেলে ৰাইচ উদ্দিনৰ পত্নী আৰু ১৩ মহীয়া কন্যা সন্তানৰ। অৱশেষত আজি ৰাতিপুৱা মাতৃ আৰু কেঁচুৱা কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।