চকুৰে দেখা কাহিনীবোৰ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
সদায় চকু দুটিৰে দেখা কাহিনীবোৰ
হয়তো সম্পূৰ্ণ সত্য নহয়,
সেইদৰে হাঁহি উৰুৱাই দিব পৰা
মিথ্যাও যে নহয়।
সকলো কাহিনী বা গল্পৰে
দুটাকৈ দিশ থাকে,
এটা একান্ত নিজস্ব
আনটো আনৰ দ্বাৰা বিৰচিত।
সেইয়ে মন্তব্য কৰা আগেয়ে
সত্যতাৰ গুৰি বিচৰা উচিত,
ভুল ধাৰণাৰ বশৱৰ্তী হৈ
প্ৰচাৰ কৰা অনুচিত।
কেতিয়াবা সৰু কথাৰ
ফিৰিঙতি এটিয়ে
জ্বলাই নিঃশেষ কৰে
গোটা হাবিসদৃশ সংসাৰ,
নাই ভৰষা মায়াৱিনী জীৱনৰ
কিহৰ নো ইমান অহংকাৰ।