ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ডেকাপাৰাত ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে, এবছৰমান ধৰি এক পঞ্চাশ উৰ্ধৰ দম্পত্তিয়ে ভাৰাতীয়া হিচাপে ঘৰটোত বাস কৰি আছিল । বিগত কিছুদিনৰ পৰা স্থানীয় লোকে দুয়োকে দেখা নাছিল যদিও বিষয়টো বিশেষ গুৰুত্ব দিয়া নাছিল । কিন্তু মঙলবাৰে দুপৰীয়া এগৰাকী স্থানীয় লোকে ঘৰটোৰ চৌহদলৈ আহি গোন্ধ পোৱাৰ পিচত সন্দেহ প্ৰকাশ কৰি আজাৰা থানাত খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থোৱা মহিলাৰ মৃতদেহটো উলিয়াই আনে ৷ আনহাতে মহিলাগৰাকীৰ স্বামী প্ৰায় পাঁচদিন ধৰি নিৰুদ্দেশ হৈ থকালৈ লক্ষ্য কৰি স্বামীয়ে পত্নীক হত্যা কৰি ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থৈ পলায়ন কৰা বুলি সন্দেহ কৰিছে । আনহাতে উক্ত ভূমিৰ গৰাকী ধাৰাপুৰ খানামুখৰ বাসিন্দা ধ্ৰুৱ জ্যোতি কাকতিয়ে বিগত প্ৰায় ১৫বছৰ ধৰি উক্ত ভূমিলৈ অহা নাই বুলি মন্তব্য কৰাৰ বিপৰীতে পূৰ্বৰ প্ৰকৃত মালিক সত্য দাসে ধ্ৰুৱ জ্যোতি কাকতি আহিলে অত্যাচাৰ কৰাৰ লগতে দাবী ধমকি দি খেদি পঠাই বুলি মন্তব্য কৰে। এই গৰাকী সত্য দাসে দম্পত্তি হালক ভাৰতীয় হিচাবে থাকিব দিয়া বুলিও মন্তব্য কৰে ধ্ৰুৱজ্যোতিয়ে। তাৰ বিপৰীতে সত্য দাসে এই সন্দৰ্ভত একো নাজানো বুলিহে মন্তব্য কৰাৰ লগতে মাটিৰ গৰাকী ধ্ৰুৱজ্যোতি কাকতিৰ ঘৰতো ৰখিয়া হিচাপে বৃদ্ধ দম্পত্তি থোৱা বুলি অভিযোগ কৰে। আনহাতে স্থানীয় লোকে জানিব দিয়া মতে বৃদ্ধা দম্পত্তি হালে প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল। ঘটনাস্থলীত উপস্থিত চিআইডি, ফৰেনচিকৰ দল আৰু পশ্চিম সংগমণ্ডল আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।