ঘৰে ঘৰে ত্ৰিৰঙ্গা
ছেলিমা বেগম
নগাঁও
খুবেই সুন্দৰ আমাৰ ত্ৰিৰঙ্গা
তিনি ৰং সানি ,
মুক্ত আকাশত নাচে উৰি উৰি
এই কথা আমি জানি ।
ওপৰে গেৰুৱা মাজত বগা হৈ
ওপৰে গেৰুৱা মাজত বগা হৈ
সেউজীয়া হে তলত,
বগাৰ মাজত অশোকৰ চক্ৰ
গেৰুৱা যে ওপৰত।
ঘৰে ঘৰে উৰে জাতীয় পতাকা
ধনী দুখীয়া যে নাই ,
দিৱস পালন উৰিব পতাকা
জাতি ধৰ্ম বৰ্ণ নাই ।
পৱিত্ৰ ভূমিত উৰিব পতাকা
গৌৰৱ কৰি থাকিব ,
ত্ৰিৰঙ্গা উৰিব ভাৰতীয় ঘৰে
মুখে শ্লোগান আনিব ।
বন্দে মাতৰম বন্দে মাতৰম
জয় হিন্দ জয় হিন্দ,
ভাৰত মাতৃৰ জয় ভাৰতৰ
জয় হিন্দ জয় হিন্দ।